--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:হিকটি হৈছে এটা হঠাৎ হোৱা সমস্যা৷ ইয়াৰ অভিজ্ঞতা নথকা মানুহ বিৰল৷ অসমীয়া লোকবিশ্বাস মতে, হিকটি আহিলে মানুহজনক আঁতৰৰ পৰা কোনোবাই স্মৰণ কৰা বুলি কয়৷ কিন্তু বিজ্ঞানসন্মত কাৰণ হিচাপে ডাইফ্ৰাম, অৰ্থাৎ পেটৰ আৰু বুকুৰ মাজৰ মাংসপেশীৰ আকস্মিক সংকোচন হ’লে বায়ুনলীৰ উৰ্ধ্বাংশত অৱস্থিত শ্বাসৰন্ধ্ৰ জাপ খাই যোৱাৰ ফলত হিকটিৰ সৃষ্টি হয়৷ 

হিকটি এনে এটা সমস্যা যি তৎক্ষণাৎ বন্ধ হ’ব পাৰে বা নিয়মিতভাৱে হৈও থাকিব পাৰে৷ কেতিয়াবা হিকটি বছৰ বছৰ ধৰিও থাকি যাব পাৰে৷ গতিকে হিকটি ৰোগ নহয় বুলি অৱহেলা কৰিব নালাগে৷ ইয়াৰ উপৰি হিকটিৰ অন্য কাৰণ হৈছে– খৰধৰকৈ বেছি মাত্ৰাত ভোজন কৰিলে, ধূমপান বা মদ্যপান, শীতল পানীয় ওপৰা-উপৰিকৈ গ্ৰহণ, জ্বলা-মছলাযুক্ত খাদ্য খালে হিকটি আহিব পাৰে৷ সাধাৰণতে আমাৰ হিকটি আহিলে অলপ অলপকৈ পানী খোৱা, পাতল খাদ্য যেনে বিস্কুট বা আন তেনেজাতীয় বস্তু খোৱা, খুব মিহিকৈ আদা চকলিয়াই খালে হিকটি বন্ধ হয়৷ 

দীঘলকৈ উশাহ টানি কেইছেকেণ্ডমান ধৰি ৰাখিলেও হিকটি অহা বন্ধ হয়৷ আঁঠুকেইটা বুকুলৈ চপাই মূৰটো সন্মুখলৈ হাওলালে হিকটি বন্ধ হোৱা দেখা যায়৷ কেতিয়াবা আকৌ হিকটি অহাৰ সময়ত মনটো আন কথালৈ মনোযোগ দিলেও বন্ধ নোহোৱা বুলি বিশ্বাস৷ সঘনাই হিকটি আহি থাকিলে আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী৷

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?