--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জনপ্ৰিয় মচলা ব্ৰেণ্ড এম.ডি.এইচ., এভাৰেষ্ট মচলাৰ কিছু কিছু পেকেটত পোৱা গৈছে  কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড । ইয়াৰ পিছতে হংকঙেও জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ মচলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। 

ছিংগাপুৰেও তেনে মচলাত  ইথিলিন অক্সাইডৰ উপস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল। হংকঙৰ  খাদ্য সুৰক্ষা কেন্দ্ৰই ৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীৰ সময়তে  এমডিএইচ গোটৰ পৰা তিনিবিধ মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি পোৱা গৈছে - সেইবোৰ হৈছে মাদ্ৰাজ কাৰী  পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু  কাৰী পাউডাৰ। চি.এফ.এছ.-এ তিনিটা ৰিটেইল আউটলেটৰ পৰা সেই মচলাসমূহৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল।  নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ  পৰীক্ষাৰ ফলাফলে দেখুৱাইছে  যে নমুনাবোৰত এবিধ  কীটনাশক, ইথিলিন অক্সাইড আছিল।

 চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক এনে ঘটনাৰ  বিষয়ে অৱগত কৰিছে আৰু তেওঁলোকক সেই মচলাসমূহৰ  বিক্ৰী বন্ধ কৰিবলৈ  নিৰ্দেশ দিছে। ইয়াৰ উপৰি এভাৰেষ্ট গ্ৰুপৰ ফিছ  কাৰী মচলাতো  কীটনাশক থকাৰ কথা প্ৰমাণ হৈছে। কৰ্কট ৰোগৰ বিষয়ে  গৱেষণা কৰা  আন্তৰ্জাতিক সংস্থাই গ্ৰুপ ১  কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতিব পাৰে বুলি কোৱা হৈছে। 

 এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ছিংগাপুৰে এভাৰেষ্টৰ মচলা বিক্ৰী নিষিদ্ধ কৰিছে।  ২০২৩ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এভাৰেষ্টৰ বহু মচলা  নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?