ডিজিটেল ডেস্ক: ২০২৩ চনৰ একাডেমী বঁটা অৰ্থাৎ Oscar Awardsত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা মহৰ্ষি তুহিন কাশ্যপৰ চুটি ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' (The Horse from Heaven) এইবাৰ ৰুছৰ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে বিজয়ী ঘোষিত হৈছে।
গোল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা বিতৰণী অনুষ্ঠান ৰুছৰ চুকতকা স্বায়ত্ব-শাসিত অঞ্চলৰ এনাডিৰ(Anadyr) চহৰত অনুষ্ঠিত হয়। তাত বঁটা বিতৰণী অনুষ্ঠানত ছবি নিৰ্মাতা সকলৰ হৈ সগৌৰৱে বঁটা গ্ৰহণ কৰে ৰুছত থকা ভাৰতীয় এম্বেছীৰ প্ৰতিনিধিয়ে।
উল্লেখনীয় যে ২০২২ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ পাছত অস্কাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰিছিল ছবিখনে। মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছিল।
এই ছবিখনে ২০২২ চনত ৰুছৰ মস্কোত থকা পৃথিৱীৰ আটাইতকৈ পুৰণি আৰু বিশ্ববিখ্যাত Film School, (চলচ্চিত্ৰ বিদ্যালয়) All-Russian State Institute of Cinematography named after S. A. Gerasimov অৰ্থাৎ VGIK (ভিগিক)ত অনুষ্ঠিত VGIK চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ ছবি হিচাপে পুৰস্কৃত হৈ সন্মান কঢ়িয়াই আনে। উল্লেখ্যযোগ্য যে লেনিনে ১৯১৯ চনতে VGIK স্থাপন কৰিছিলে।
Video যোগে প্ৰেৰণ কৰা বাৰ্তাত মহৰ্ষি তুহিন কাশ্যপে গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত দৰ্শকক ধন্যবাদ জনোৱাৰ লগতে তেওঁ কয় "পৃথিৱীত বিভিন্ন দেশত মানুহৰ কষ্ট দুখ বোৰ শেষ হোৱাৰ কামনা কৰিছোঁ, লগতে যুদ্ধ শেষ হৈ শান্তিৰ পৰিস্থিতি ঘূৰি আহক বুলি কামনা কৰিছোঁ।"
চুটি ছবিখনৰ কাহিনীভাগ মূলতঃ এজন ওজাপালি কৰি ফুৰা পালিৰ। যি নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সৰ্বত্ৰ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ তাক চহৰলৈ লৈ গৈ থাকে। পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে। এই ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ ব্যৱহাৰেৰে ছবিখনৰ কাহিনীভাগ আগবাঢ়ে।
এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসমৰ জ্যেষ্ঠ অভিনেতা অতুল পাচনিয়ে। লগতে ছবিখনত অভিনয় কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তী, অভিজিত নাগ, গৌৰৱ হালৈ, আশীষ সেটাৰ্জী, সনাতন কৰ্মকাৰ আদিয়ে। ছবিখনৰ কাৰিকৰী বিভাগ সমূহত কাম কৰা সকল Satyajit Ray Film and Television Instituteৰ ছাত্ৰ ছাত্ৰী। মহৰ্ষি তুহিন কাশ্যপো তাৰে এগৰাকী ছাত্ৰ। উক্ত প্ৰতিষ্ঠানটিৰ পাঠ্যক্ৰমৰ অন্তৰাধীন হিচাপে 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি' ছবিখন নিৰ্মাণ কৰা হৈছিল। চিত্ৰনাট্য আৰু পৰিচালনা মহৰ্ষি কাশ্যপৰ লগতে ছবিখনৰ বিভিন্ন মূল দিশ সমূহত কাম কৰিছে প্ৰযোজক নীলাঞ্জনা ৰুদ্ৰা, দৃশ্য-গ্ৰহণ অৰ্ণব লাহা, শব্দ বিভাগ অৰ্ণব বৰা আৰু সোমনাথ গগৈ, সম্পাদক পুলকিত ফিলিপ, দৃশ্য সজ্জা বিপীন ৰহিল্লা আদিয়ে। ছবিখনৰ নেপথ্যত ওজাপালি গাইছে ওজা নয়ন জ্যোতি নাথ আৰু পালি নগেন ডেকা, ভলাৰাম নাথ, ৰূপজ্যোতি চৌধুৰী আৰু দ্বীপ জ্যোতি নাথে। ছবিখনত বিশাল শৰ্মা, তন্ময় সাউদ, সুনালিকা দাস আদিয়ে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।
উল্লেখনীয় যে "মোৰ ঘোঁৰাৰ দূৰন্ত গতি"য়ে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ,জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। মেক্সিকোত থকা চিনেতেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনীও অনুষ্ঠিত হৈছিল।