--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ য়েমেনত থকা ইৰান সমর্থিত হুথী বিদ্রোহীয়ে দেওবাৰে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে দেওবাৰে কয় যে য়েমেনৰ হুথী বিদ্রোহীয়ে ইজৰাইলৰ বেন গুৰিয়ন বিমান বন্দৰৰ সমীপত ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। 

ইজৰাইলৰ বৃহত্তম বিমান বন্দৰটোত হুথী বিদ্রোহীৰ এই আক্ৰমণৰ সাতগুণ শক্তিশালী প্ৰত্যুত্তৰ দিব বুলি দেশখনৰ প্ৰতিৰক্ষা বিভাগে প্রকাশ কৰিছে। টাইমছ অব্ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি, হুথীৰ ভয়ংকৰ আক্ৰমণত দেশখনৰ প্ৰধান বিমান বন্দৰটোৰ চৌহদৰ সমীপৰ পথত বিশাল গাঁতৰ সৃষ্টি হয়। ইজৰাইলী সেনাই কয় যে য়েমেনৰ পৰা অহা ক্ষেপণাস্ত্রসমূহ তেওঁলোকে প্রতিহত কৰি আছিল যদিও দুর্ভাগ্যবশতঃ বেন গুৰিয়ন বিমান বন্দৰৰ সমীপত হুথীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ তেওঁলোকে প্রতিহত কৰিব নোৱাৰিলে। হুথীৰ এই ভয়ংকৰ আক্ৰমণৰ ফলত ইজৰাইলী বায়ু সেনাৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাও বিকল হৈ পৰে। 

আনহাতে, এই ভয়ংকৰ আক্ৰমণত বিমান বন্দৰৰ পার্কিং স্থানত ক্ষেপণাস্ত্ৰ পৰাৰ পাছত কমেও ছয়জন লোক গুৰুতৰভাৱে আহত হয়। আক্ৰমণটোৰ পাছত বিমান বন্দৰটোৰ চাৰিওফালৰ আকাশী মাৰ্গ এঘণ্টা ধৰি বন্ধ ৰখা হয়। ইফালে, হুথী বিদ্রোহীৰ ইজৰাইলত আক্ৰমণৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী নেটান্যাহুৱে বিদ্রোহী গোটটোৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ সংকল্প লয়। নেটান্যাহুৱে কয় যে এই আক্রমণ য়েমেনৰ পৰা অহা নাই, এই আক্রমণ ইৰানেহে কৰিছে। হুথীৰ বিৰুদ্ধে অহা দিনবোৰত ভয়ংকৰ আক্রমণ চলাব বুলি নেটান্যাহুৱে হুংকাৰ দিয়ে।

উৎসঃ দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?