--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) বিৰুদ্ধে দেওবাৰৰ খেলত ১ ৰানত শ্বাসৰুদ্ধকৰ জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) আই পি এলত প্লে'-অফৰ আশা সজীৱ ৰাখে। প্লে'-অফৰ দৌৰৰ পৰা ইতিমধ্যেই বাহিৰ হোৱা ৰাজস্থান ৰয়েলছে ২০৭ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ৮ উইকেটত ২০৫ ৰানত থমকি ৰ'বলগীয়া হয়। 

অধিনায়ক ৰিয়ান পৰাগে ৪৫টা বলত ছটা চাৰি আৰু আঠটা ছয়েৰে ৯৫ ৰান কৰিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। ৰাজস্থানে এটা সময়ত ৭.৫ অ'ভাৰত ৭১ ৰানতে ৫টা উইকেট হেৰুৱাইছিল। সেই সময়ত ৰিয়ান বাহিনীক ৪৮টা বলত প্রয়োজন আছিল ১০৫ ৰানৰ। পিছে ৰিয়ানে ৪৫টা বলত নব্বৈ ঊর্ধ্বৰ বৰঙনিৰে দলৰ জয়ৰ আশা সজীৱ ৰাখে। কিন্তু কে কে আৰৰ অধিনায়ক আজিংক্য ৰাহানেই বলিং সালসলনিৰে খেলৰ দিশ সলনি কৰে। ৰিয়ানে ৯৫ ৰানত আউট হৈ আই পি এলত নিজৰ প্ৰথমটো শতকৰ পৰা বঞ্চিত হয়। তাৰ মাজতে ৰিয়ানে দুটা অ'ভাৰত ৬টা ছয় কোবায়। আনহাতে, অন্তিম অ'ভাৰত বলিং কৰিবলৈ অহা বৈভৱ আৰোৰাই চাপ একাষৰীয়া কৰি আৰ আৰক ৮ উইকেটত ২০৫ ৰানত সীমিত ৰাখে।

অধিনায়ক ৰিয়ানৰ উপৰি যশস্বী জয়ছোৱালে ৩৪, ছিমৰন হেটমেয়ৰে ২৯ আৰু শিভম ডুবেই অপৰাজিত ২৫ ৰানৰ অৱদান যোগায়। কে কে আৰৰ হৈ বৰুণ চক্ৰৱৰ্তী, মঈন আলী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে মাৰমুখী বেটাৰ আন্দ্ৰে ৰাছেলৰ ২৫টা বলত ৪টা চাৰি আৰু ছটা ছয় সম্বলিত অপৰাজিত ৫৭ ৰানেৰে কলকাতা নাইট ৰাইডাৰ্ছে ৪ উইকেটত ২০৬ ৰান কৰে। নিজৰ গুৰুত্বপূৰ্ণ খেলখনত কলকাতাৰ হৈ অংগকৃশ ৰঘুবংশী (৪৪), অ'পেনাৰ ৰহমনুল্লাহ গুৰবাজ (৩৫) আৰু অধিনায়ক আজিংক্য ৰাহানেই (৩০) উপযোগী বৰঙনি যোগায়। ৰাজস্থানৰ হৈ জুফ্ৰা আৰ্চৰ (১-৩০), যুদ্ধবীৰ সিং চৰক (১-২৬), মহীশ ঠিকছানা (১-৪১) আৰু অধিনায়ক ৰিয়ান পৰাগে (১-২১) এটাকৈ উইকেট দখল কৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?