--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয়বৰণ কৰাৰ পাছত মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পাটোলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পোনপটীয়াকৈ ৰাইজৰ ভোট লুটি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এক সংবাদমেলত বিধানসভা নিৰ্বাচনত পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আলোচনা কৰি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় তিলক ভৱনত এই অভিযোগ উত্থাপন কৰে পাটোলে। 

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভোটৰ শতাংশৰ তাৰতম্য গুৰুতৰ আৰু চিন্তনীয় বুলি উল্লেখ কৰি পাটোলে কয় যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০ নৱেম্বৰৰ ভোটগ্ৰহণৰ দিনটোত সন্ধিয়া ৫ বজাত ৫৮.২২% ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছিল। একে নিশা ১১.৩০ বজাত এই সংখ্যা ৬৫.০২% লৈ বৃদ্ধি পায়, তাৰ পাছ ২১ নৱেম্বৰত ভোটদানৰ সংখ্যা ৬৬.০৫% বুলি ৰিপৰ্ট কৰৰে। এইদৰে ভোটদানৰ হাৰ মুঠ ৭.৮৩% বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

নানা পাটোলে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰে যে প্ৰায় ৭৬ লাখ ভোট বৃদ্ধিৰে ভোটদানৰ শতকৰা হাৰ কেনেকৈ বৃদ্ধি পালে? ভোট বৃদ্ধি হোৱা সেই সকলোবোৰ কেন্দ্ৰৰ ভিডিঅ’ ফুটেজ নিৰ্বাচন আয়োগক প্ৰকাশ কৰিবলৈ দাবী জনাইছে৷

নানা পাটোলে কয় যে ভোটগ্ৰহণৰ দিনটোত সন্ধিয়া ৫ বজাৰ পিছত ভোটদানৰ শতকৰা হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী থাকিব আৰু ৰাজ্যৰ কিমানটা সমষ্টিত ভোটাৰৰ ইমান দীঘলীয়া শাৰী আছিল সেয়া প্ৰমাণৰ সৈতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব লাগে বুলি দাবী উত্থপন কৰে। আৰু নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰত স্থাপন কৰা চিচিটিভি ফুটেজ দেখুৱাবলৈও আহ্বান জনাইছে।

কংগ্ৰেছ নেতা গৰাকীয়ে আৰু কয় যে সাধাৰণতে ভোটদানৰ পিছতে নিৰ্বাচন আয়োগে সংবাদমেল পাতি তথ্য দিয়ে, কিন্তু এইবাৰ আয়োগে কিয় সংবাদমেল অনুষ্ঠিত কৰা নাছিল? দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে মাহৰাষ্ট্ৰত ভোটাৰৰ তাৰতম্যতাক লৈ সন্দেহ প্ৰকাশ কৰিছে। যাৰ বাবে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে ৷

পাটোলে কয় যে বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল পৰাস্ত হৈছে কাৰণেই আমি ভোটাৰৰ পৰিসংখ্যাৰ বিষয়টো উত্থাপন কৰা নাই৷ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবেহে এই বিষয়টো উত্থাপন কৰা হৈছে। বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি গণতন্ত্ৰৰ ওপৰত নিষ্ঠুৰ কৌতুক কৰিছে।বিধানসভা নিৰ্বাচনত ভোটৰ পাৰ্থক্য সন্দৰ্ভত কংগ্ৰেছ দলে আদালতৰ আৰু ৰাজপথতো যুঁজ দিব বুলি সদৰি কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?