--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশনৰ ‘ৱাৰ ২’ ৰ কাম বহুদিন ধৰি চলি আছে। অহা বছৰ অৰ্থাৎ ২০২৫ চনত মুক্তি পাব ছবিখন। হৃতিক ৰোশনে নিজৰ অংশৰ শ্বুটিং প্ৰায় সম্পূৰ্ণ কৰিছে যদিও আনফালে ক্লাইমেক্সৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। আনহাতে আশ্চৰ্যজনক যে এইবাৰ ‘ৱাৰ ২’ত অভিনয় কৰিব জুনিয়ৰ এনটিআৰ ৷ ইতিমধ্য তেওঁ মুম্বাই আহি পাইছে । মুম্বাই বিমানবন্দৰৰ পৰা তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

এক প্ৰতিবেদন অনুসৰি ক্লাইমেক্সৰ দৃশ্যগ্ৰহণ নৱেম্বৰ মাহতে হ’ব, যাৰ বাবে জুনিয়ৰ এনটিআৰে অতি সোনকালে ‘ৱাৰ ২’ আৰু হৃত্বিক ৰোশনসহ নিৰ্মাতাসকলৰ সৈতে যোগদান কৰিব। বৰ্তমান ক্লাইমেক্সৰ প্ৰি-প্ৰডাকচনৰ কাম চলি আছে।ৱাইআৰএফে এই ছবিখনৰ বাবে এটা বিশাল ক্লাইমেক্স ব্লক ডিজাইন কৰিছে, য’ত দেখা যাব দুজন ছুপাৰষ্টাৰ – হৃত্বিক ৰোশন আৰু জুনিয়ৰ এনটিআৰ। ক্লাইমেক্সৰ শ্বুটিং হ’ব কেৱল মুম্বাইত। কিন্তু স্থানটো প্ৰকাশ কৰা নাই নিৰ্মাতাসকলে।

উল্লেখ্য যে জুনিয়ৰ এন টি আৰে ক্লাইমেক্সৰ দৃশ্যগ্ৰহণৰ পূৰ্বে তীব্ৰ প্ৰশিক্ষণ ল’ব। এই ক্লাইমেক্স দৃশ্যটো ২০ দিনলৈকে কৰা হ’ব। শেহতীয়াকৈ জুনিয়ৰ এন টি আৰৰ ‘দেৱৰা’ মুক্তি পাইছিল, যিয়ে অজস্ৰ সঁহাৰি লাভ কৰিছিল। ‘ৱাৰ ২’ হৈছে ৱাইআৰএফৰ পৰৱৰ্তী প্ৰকল্প। ইয়াৰ পিছত আহিব আলিয়া ভাট আৰু শৰ্বাৰী ৱাঘৰ ‘আলফা’, য’ত হৃত্বিক ৰোশনৰ কেমিঅ’ বুলি কোৱা হৈছে। অৱশ্যে এই কথাৰ নিৰ্মাতাসকলে সদৰী কৰা নাই। কিন্তু আগন্তুক ছবিসমূহৰ বাবে ৱাৰ ২ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ হ’ব। ইয়াৰ ভিত্তিত ৱাইআৰএফে তেওঁলোকৰ পৰৱৰ্তী পৰিকল্পনা কৰিব পাৰিব।

 






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?