--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱীৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে বেন্নু নামৰ এটা গ্রহাণুৱে। এই নৱ গ্ৰহাণুটো বৰ্তমান পৃথিৱীৰ পৰা প্ৰায় ১,৮৬,০০০ মাইল অর্থাৎ প্রায় ২,৯৯,০০০ কিল'মিটাৰ দূৰত আছে। বেন্নু প্রতি ছবছৰৰ মূৰে মূৰে পৃথিৱীৰ একেবাৰে কাষ চাপে। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, বেন্নুৱে পৃথিৱীক খুন্দা মৰাৰ সম্ভাৱনা আছে। বিজ্ঞানীসকলে কৰা গণনা অনুসৰি এই গ্রহাণুটোৱে ২১৮২ চনৰ ছেপ্টেম্বৰত পৃথিৱীক খুন্দিওৱাৰ সম্ভাৱনা ২৭০০ ভাগৰ এভাগ। এই গ্ৰহাণুটোৰ ব্যাস প্রায় ৫০০ মিটাৰ। 

কম্পিউটাৰৰ জৰিয়তে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি বেন্নুৱে পৃথিৱীক খুন্দা মাৰিলে মহাপ্রলয়ৰ সৃষ্টি হ'ব। ইয়াৰ লগতে পৃথিৱীৰ বায়ুমণ্ডলত ১০-৪০ কোটি টন ধূলি উৰিব। ইয়াৰ ফলত পৃথিৱীৰ বায়ুমণ্ডল, বায়ুমণ্ডলীয় ৰসায়নিক ক্ৰিয়া, উদ্ভিদৰ সালোক সংশ্লেষণ তথা বিশ্বত সূৰ্যৰ ৰশ্মি পৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। এই সমস্যা তিনিৰ পৰা চাৰি বছৰলৈ অব্যাহত থাকিব। ইয়াৰ লগতে পৃথিৱীত বৰষুণৰ মাত্ৰা হ্রাস পাব। দক্ষিণ কোৰিয়াৰ পুছাম নেশ্যনেল ইউনিভাৰ্ছিটিৰ আই বি এছ চেণ্টাৰ ফৰ ক্লাইমেট ফিজিক্সৰ গবেষক লেন দাইৰ নেতৃত্বত চলোৱা অধ্যয়নৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে।

ছায়েন্স এডভান্সেজ জার্নেলত প্রকাশ পোৱা অধ্যয়নটোৰ প্ৰতিবেদনত কোৱা হৈছে যে গ্রহাণুৰ খুন্দাত সৃষ্টি হোৱা ধূলিয়ে বিশ্বৰ বায়ুমণ্ডল আৱৰি পেলাব। ইয়াৰ ফলত সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰাত বাধাৰ সৃষ্টি হ'ব আৰু লগে লগে পৃথিৱীত ঠাণ্ডা পৰিৱেশ বিৰাজ কৰিব। গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি পৃথিৱীৰ গড় তাপমাত্রা প্রায় চাৰি ডিগ্রী চেলছিয়াছ হ্রাস পাব। গড় বৰষুণৰ মাত্রা ২০-৩০% হ্রাস পাব। ইয়াৰ লগতে অ'জন তৰপ প্রায় ৩২% হ্রাস পাব। ইয়াৰ ফলত সূৰ্যৰ হানিকাৰক অতি বেঙুনীয়া তথা সৌৰ তেজষ্ক্রিয় ৰশ্মি সহজে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব। গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ ফলত প্ৰবল ভূমিকম্প, শক্তিশালী শ্ব'কৱেভ তথা বনজুইৰ সৃষ্টি হ'ব। পৃথিৱীত এটা প্রকাণ্ড গাঁতৰো সৃষ্টি হ'ব বুলি লগতে কোৱা হৈছে।

(উৎসঃ দৈনিক জনমভূমি)
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?