--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পিছদিনাই দৰাক লুটা তিনিজনী কইনাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকে ক্ষীৰত মাদক দ্ৰব্য মিহলাই খুৱায় দৰাক, দৰাৰ নিচা লাগি টোপনি যোৱাৰ পাছত সকলোখিনি লুটি লৈ পলায় যায়।  

উত্তৰ প্ৰদেশৰ হৰদয়ত তিনি ডকাইত কইনাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিয়াৰ পিছদিনাই দৰাক নিচাযুক্ত ক্ষীৰ খুৱাই লুটি লৈ যোৱাই তেওঁলোকৰ মূল লক্ষ্য। এই মহিলাসকলে এই পৰ্যন্ত ১৩ জন দৰাক প্ৰবঞ্চনা কৰিছে। ধৃত মহিলাসকলৰ ভিতৰত আছে পূজা ওৰফে সোণম, আশা ওৰফে গুড্ডি আৰু সুনীতা। আৰক্ষীৰ মতে এই মহিলাসকলে সেই যুৱক আৰু পৰিয়ালক লক্ষ্য কৰি লৈছিল, যিসকলে যথেষ্ট বয়সৰ পাছতো বিবাহপাশত আবদ্ধ হ’ব পৰা নাছিল।

আৰক্ষীয়ে জনোৱা মতে, প্ৰথমে তেওঁলোকে নিচাযুক্ত ক্ষীৰ খুৱাই দৰাক অচেতন কৰে তাৰপাছত তেওঁলোকৰ গহনা আৰু নগদ ধন লুটি লৈ যায়। আৰক্ষীয়ে এই মহিলাসকলৰ পৰা লুণ্ঠন কৰা গহনা আৰু নগদ ধনো উদ্ধাৰ কৰিছে।

সমগ্ৰ বিষয়টোত অভিযুক্ত ডকাইত কইনাক জেৰা কৰি আছে আৰক্ষীয়ে। এতিয়ালৈকে জেৰাৰ সময়ত এইটোও পোহৰলৈ আহিছে যে তেওঁলোকৰ নেটৱৰ্ক হিন্দী বলয়ৰ বহু ৰাজ্যত বিয়পি আছে। বিষয়টোৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?