ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। হঠাতে ঘটা ডাৱৰ বিস্ফোৰণৰ ফলত ছিকিমত পাহাৰৰ পৰা নামি আহে পানীৰ ঢল। পাহাৰৰ পানীৰ ঢলে লাচেন উপত্যকাৰ লোনাক হ্ৰদৰওচৰত ভাৰতীয় সেনাৰ এখন বাহন উটুৱাই লৈ যায়। ফলত ২৩ জন সেনা জোৱান সন্ধানহীন হৈ পৰে।
সেনা জোৱান কেইজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান আৰম্ভ হৈছে। উত্তৰ আৰু পূব ছিকিমত তিস্তা নদীৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ বংগতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। তিস্তাৰ কেইবাটাও শ্লুইছগেট খুলি দিবলগীয়া হোৱাৰ ফলত মালবজাৰৰ গজলডোবাত পানী প্ৰৱেশ কৰিছে। বহু পথ জলমগ্ন হৈ পৰিছে। তিস্তাৰ কাষৰীয়া এলেকাসমূহত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
ছিকিমৰ মংগন জিলাৰ এছপি (এছপি) সোনম দেচুৱে কয়, "তিস্তাত পানীৰ স্তৰ হঠাতে বৃদ্ধি পাইছে। এক বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হৈছে। তিস্তাৰ কাষৰীয়া এলেকাবোৰ খালি কৰা হৈছে। আমি সকলো আৰক্ষী থানাক সতৰ্ক কৰি দিছো। জানিব পৰা গৈছে যে চিংটামৰ ওচৰত এখন সেনাৰ বাহন বানে উটুৱাই নিছে। ২৩ জন সৈনিক সন্ধাীনহীন হৈ আছে। তেওঁলোকৰ সন্ধান চলি আছে। চুংথাং আৰু মংগনসংযোগী দলংখন খহি পৰাৰ ফলত ছিকিমৰ চুংথাং বাহিৰৰ অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।’’
ইফালে, উত্তৰ বংগৰ বহু অঞ্চলৰ পৰিস্থিতিও ভয়ানক হৈ পৰিছে। সূত্ৰ অনুসৰি, গজলডোবাৰ তিস্তা বেৰেজৰ পৰা প্ৰায় ৭,০০০ কিউছেক পানী এৰি দিয়া হৈছে। তিস্তাৰ পাৰত বাস কৰা সাধাৰণ লোকসকলক সতৰ্ক কৰি দিয়া হৈছে আৰু তেওঁলোকক আন ঠাইলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থাও কৰা হৈছে। তিস্তাত অতিৰিক্ত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ ফলত গজলডোবাত পানীৰ চাপ বৃদ্ধি পাইছে। ফলস্বৰূপে, বেছিভাগ শ্লুইছগেট খোলা হৈছে।৩৫ খন গেটৰ ভিতৰত, ৩২ খন খোলা হৈছে। সময় বাগৰাৰ লগে লগে গজলডোবাত তিস্তা নদীৰ পানীৰ স্তৰ বাঢ়ি গৈ আছে।