--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়কৰ বিভাগৰ ৰোষত পৰিছে ভাৰতীয় জীৱন বীমা নিগম৷ আজি আয়কৰ বিভাগে দেশৰ সৰ্ববৃহৎ বীমা কোম্পানী জীৱন বীমা নিগমৰ বিৰুদ্ধে ৮৪ কোটি টকাৰ জৰিমনা বিহিছে।আয়কৰ বিভাগে তিনিটা মূল্যায়ন বৰ্ষৰ সৈতে জড়িত ঘটনাত এল আই চিৰ পৰা ৮৪ কোটি টকাৰ জৰিমনা দাবী জনাইছে। আয়কৰ বিভাগৰ এই শাস্তিৰ বিৰুদ্ধে এতিয়া এল আই চিয়ে আদালতত আপীল দাখিল কৰাৰ সিদ্ধান্ত লৈছে।

আয়কৰ বিভাগে মূল্যায়ন বৰ্ষ ২০১২-১৩ৰ বাবে ১২.৬১ কোটি টকা, মূল্যায়ন বৰ্ষ ২০১৮-১৯ৰ বাবে ৩৩.৮২ কোটি টকা, মূল্যায়ন বৰ্ষ ২০১৯-২০ৰ বাবে ৩৭.৫৮ কোটি টকাৰ জৰিমনা বিহিছে বুলি এল আই চিয়ে আজি এক বিবৃত্তিযোগে প্ৰকাশ কৰিছে।

এল আই চিয়ে কয় যে ১৯৬১ চনৰ আয়কৰ আইন ২৭১(১)(গ) আৰু ২৭০ এ ধাৰাত এই জৰিমনা বিহা হৈছে।উল্লেখযোগ্য যে এল আই চিয়ে ২৯ ছেপ্টেম্বৰত আয়কৰ বিভাগৰ পৰা এই জাননী লাভ কৰিছিল।এল আই চি ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী মালিকানাধীন জীৱন বীমা আৰু বিনিয়োগ নিগম হিচাপে পৰিচিত। ১৯৫৬ চনত ইয়াৰ প্ৰাৰম্ভিক মূলধন ৫ কোটি টকাৰে আৰম্ভ কৰা হৈছিল আৰু এতিয়া ২০২৩ চনৰ ৩১ মাৰ্চলৈকে এল আই চিৰ সম্পত্তিৰ ভিত্তি ৪৫.৫০ লাখ কোটি টকা আৰু লাইফ ফাণ্ড ৪০.৮১ লাখ কোটি টকা।

এল আই চিৰ কাম-কাজ হ’ল বীমা পলিচিৰ বিনিময়ত মানুহৰ সঞ্চয়ৰ ধন সংগ্ৰহ কৰা আৰু দেশত সঞ্চয়ৰ প্ৰসাৰ কৰা, চৰকাৰী ছিকিউৰিটিত ধন বিনিয়োগ কৰি মানুহৰ মূলধন সুৰক্ষিত কৰা, সুলভ মূল্যত বীমা পলিচি জাৰি কৰা, উদ্যোগসমূহক যুক্তিসংগত সুতৰ হাৰত ঋণ দিয়া , বিভিন্ন ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে ঋণ প্ৰদান কৰাৰ সৈতে জড়িত।ট্ৰেডিং সপ্তাহৰ দ্বিতীয় দিনটোত এন এছ ইত আজি এল আই চিৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ লগে লগে বন্ধ হয়। আজি এল আই চি ৪.৭৫ পইচা হ্ৰাস পাই ৬৪৫.০০ টকাত বন্ধ হয়। আজি চেন্সেক্স ৩১৬ পইণ্ট আৰু নিফ্টী ১০৯ পইণ্টেৰে বন্ধ হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?