--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ যুৱ গায়কৰ কথা ক’লে শ্ৰেয়া ঘোষাল, নেহা কক্কৰ, সুনিধি চৌহান, অৰিজিত সিং আৰু আতিফ আছলামৰ নাম তালিকাত স্থান পায়। কণ্ঠৰ আধাৰত এই গায়ক সকলে অনুৰাগীৰ মন জয়ী কৰাৰ লগতে বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ আটাইতকৈ ধনী পুৰুষ কন্ঠশিল্পী এআৰ ৰহমান যাৰ সম্পত্তিৰ পৰিমাণ ১৭২৮ কোটি টকা বুলি কোৱা হয়। কিন্তু দেশৰ আটাইতকৈ ধনী মহিলা গায়িকা কোন জানেনে?

Tulsi Kumar elated as Tanhaai crosses 100 million views on YouTube

ধনী গায়কৰ কথা শুনি হয়তো আপোনাৰ মনলৈ আহিছিল শ্ৰেয়া ঘোষাল, সুনিধি চৌহান বা নেহা কক্কাৰৰ নাম। কিন্তু তেওঁলোকৰ এগৰাকীও ধন-সম্পত্তিৰ তালিকাত শীৰ্ষত নাই। ভাৰতৰ ভিতৰতে সৰ্বাধিক ধন-সম্পত্তি থকা মহিলা গায়িকাগৰাকীৰ বয়স ৩৪ বছৰ আৰু তেওঁৰ বহু হিট গীত আছে। তেওঁ আন কোনো নহয়, ভাৰতীয় প্লেবেক গায়ক, ৰেডিঅ’ জকী আৰু সংগীতজ্ঞ তুলসী কুমাৰ। তুলসী টি ছিৰিজৰ মালিক গুলচন কুমাৰৰ পুত্ৰী আৰু তেওঁ অপৰিসীম ধনৰ মালিক। টি ছিৰিজৰ ইউটিউব চেনেল কিডছ হাটৰ স্বত্বাধিকাৰী তুলসী কুমাৰ। তেওঁৰ প্ৰতিটো গীতৰ বাবে ৭ৰ পৰা ১০ লাখ টকা লয়। এক তথ্য অনুসৰি তুলসী কুমাৰৰ সম্পত্তিৰ পৰিমাণ ২১০ কোটি টকা।

কোটি কোটি সম্পত্তিৰ অধিকাৰী তুলসী কুমাৰ ভাৰতৰ আটাইতকৈ ধনী গায়িকা হিচাপে পৰিগণিত হৈছে। বহু প্ৰবীণ গায়কক পৰাস্ত কৰিছে তুলসীয়ে। তুলসীৰ পিছত শ্ৰেয়া ঘোষাল ভাৰতৰ দ্বিতীয় ধনী মহিলা গায়িকা। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্ৰেয়াৰ সম্পত্তিৰ পৰিমাণ ১৮০-১৮৫ কোটি টকা। ১০০-১১০ কোটি টকাৰ সম্পত্তিৰে তিনি নম্বৰ স্থানত আছে সুনিধি চৌহান। চাৰি নম্বৰত আছে আশা ভোছলে, যি ৮০-১০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?