--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিধানসভাত দাখিল কৰা বাজেটক লৈ বৃহস্পতিবাৰে নলবাৰীত সংবাদমেল সম্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বাজেটে নতুন নিযুক্তিৰ বাট মুকলি কৰিছে। 

ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু বহুকেইখন দলং নিৰ্মাণ কৰা আৰু ব্রহ্মপুত্রৰ তলেৰে সুৰংগ পথ নির্মাণ হৈ আছে বুলিও মন্তব্য প্রকাশ কৰে মন্ত্ৰীগৰাকীয়ে। নলবাৰীত বহু উন্নয়নৰ কাম কৰা হ'ল বুলি মন্তব্য কৰি নলবাৰীত ঔদ্যোগিক পাম‌ সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত এই বাজেটত নীতি নির্ধাৰণ কৰা হৈছে বুলি ব্যক্ত কৰে। 

বিত্ত মন্ত্রী, মুখ্যমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আনহাতে এইবাৰ 'এডভান্টেজ আছাম'লৈ উদ্যোগীক নলবাৰীত পর্যাপ্ত ভূমি দিবলৈ পৰিকল্পনা কৰা বুলি মন্তব্য কৰাৰ লগতে নলবাৰীত মৰাপাট কল সন্দর্ভত প্রস্তাৱ লোৱা বুলিও ব্যক্ত কৰে। নলবাৰীৰ উন্নয়নমূলক আঁচনিৰ কাম সঠিকভাৱেই হৈ আছে বুলিও তেওঁ মন্তব্য কৰাৰ লগতে আৰু কয় যে নলবাৰীৰ নলা-নর্দমা ক্ষিপ্রগতিত নির্মাণ হৈ আছে। যান-জঁটৰ সমস্যা সমাধানৰ বাবে পার্কিঙৰ ব্যৱস্থা কৰা হৈছে। পুৰণি হস্পিটেলৰ কাষত আৰু নতুনকৈ পার্কিং নির্মাণৰ কাম চলি আছে। 

পথৰ দুয়োকাষে বহি থকা খুচৰা শাক-পাচলিৰ ব্যৱসায়ীসকলক নির্দিষ্ট স্থানলৈ নি ব্যৱসায়-বাণিজ্য কৰিবলৈ দিয়া হৈছে। ইপিনে ৰাজপথত নিৰ্মাণ কৰা ডিভাইদাৰক লৈ হোৱা সমালোচনাৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে ডিভাইদাৰ দিয়াৰ ফলত যান-জঁট কমিবহে। ইফালে নলবাৰীৰ বড় মছজিদ আৰু জিলিঙনি চ'কত পার্কিঙৰ সু-ব্যৱস্থা কৰি থকা বুলি আজি সদৰী কৰাৰ লগতে সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম এই বছৰতে সম্পূৰ্ণ হোৱাৰ লগতে নলবাৰী ক্রীড়া প্ৰকল্পৰ কামো এই বছৰতে সম্পূৰ্ণ কৰা হ'ব বুলিও মন্তব্য কৰে। 

১৯ কোটি টকা ব্যয়সাপেক্ষ নলবাৰী চহৰত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা বুলিও আজিৰ সংবাদমেলত প্রকাশ কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আজিৰ এই সংবাদমেলত জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা আৰু সম্পাদক পুলক শর্মাও উপস্থিত আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?