--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেলুচিস্তান লিবাৰেশ্যন আর্মিয়ে (বি এল এ) বৃহস্পতিবাৰে কয় যে পাকিস্তানৰ সামৰিক বাহিনীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ সম্পর্কে কোৱা কথা 'মিছা' আৰু প্রবল যুঁজ চলি আছে তথা পাকিস্তানী বাহিনী বিপুল ক্ষতিৰ সম্মুখীন হৈছে। এটা বিবৃতিত বি এল এই কয়, 'প্রকৃত কথাটো হৈছে বিভিন্ন যুদ্ধক্ষেত্রত যুদ্ধ চলি আছে আৰু শত্রুৰ (পাকিস্তানী সেনা) বুজনসংখ্যক লোক হতাহত হৈছে তথা সামৰিক ক্ষতি হৈছে।' 

উল্লেখযোগ্য যে কালি পাকিস্তানী সেনাই দাবী কৰিছিল যে চাৰিশতাধিক যাত্রী কঢ়িয়াই নিয়া যাত্রীবাহী ৰে'লখনঅশান্ত বেলুচিস্তান প্রদেশত অপহৰণ কৰা ৩৩জন বেলুচ উগ্রপন্থীক তেওঁলোকে হত্যা কৰিলে।' বি এল এই বিবৃতিত কয়, 'দখলদাৰী সেনা যুদ্ধক্ষেত্রত বিজয়ীও হোৱা নাই অথবা পণবন্দী কৰা লোকসকলক ৰক্ষা কৰিবও পৰা নাই।' উল্লেখযোগ্য যে মঙলবাৰে বেলুচ উগ্রপন্থীয়ে নটা দবাত ৪২৫জন যাত্রী থকা পেছোৱাৰ অভিমুখী জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল। এই ৰে'লখন আহিছিল বেলুচিস্তানৰ ৰাজধানী কুবেটাৰ পৰা। 

শুদালাৰ আৰু পিক কুনৰীৰ পর্বতীয়া অঞ্চলৰ এটা সুৰংগেৰে পাৰ হওঁতেই উগ্রপন্থীয়ে জধে-মধে গুলীয়াই ৰে'লখনৰ নিয়ন্ত্রণ নিজৰ হাতলৈ আনিছিল। বেলুচ উগ্রপন্থীয়ে পাকিস্তানী সেনা আৰু প্রশাসনিক বিষয়াক পণবন্দী কৰি পাকিস্তানক বিনাচৰ্তে বেলুচ কন্দীসকলক মুক্তি দিবলৈ দাবী জনাইছিল। বেলুচ উগ্রপন্থী সংগঠনটোৰ মতে, তেওঁলোকে বন্দী বিনিময়ৰ প্রস্তাৱ দিছিল, কিন্তু পাকিস্তানে আলোচনা আৰু বুজাবুজি নাকচ কৰি তেওঁলোকৰ সেনা জোবানক মৰিবলৈ এৰি দিলে। বি এল এই এইবুলিও কয় যে পাকিস্তানে যিহেতু বিজয়ৰ দাবী কৰিছে তেন্তে স্বতন্ত্র সাংবাদিকক উক্ত ক্ষেত্র দেখুৱাওক।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?