--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ কচ্চত ধৰাসাৰ বৰষুণৰ পাছত ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ ছদিনত পোন্ধৰজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ চণ্ডীপুৰা ভাইৰাছৰ পাছত ৰহস্যজনক ৰোগত আক্ৰান্ত হৈ পোন্ধৰজনকৈ লোকৰ মৃত্যু গুজৰাটৰ বিষয়াসকলৰ মাজত উদ্দেগৰ  সৃষ্টি কৰিছে। 

গুজৰাটৰ কচ্চত জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এই অঞ্চলত বিয়পি পৰিছে ৰহস্যময় ৰোগ৷ এই ৰোগে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে।তথ্য অনুসৰি এই অজ্ঞাত ৰোগৰ বাবে লখপট আৰু আবদাছা অঞ্চলত ১৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিষয়া আৰু জিলা স্বাস্থ্য আয়ুক্তই এই সন্দৰ্ভত তদন্তৰ বাবে নিৰীক্ষণ কৰি আছে। অজ্ঞাত ৰোগৰ বিষয়ে অধিক তথ্য সংগ্ৰহ তথা স্বাস্থ্যৰ অৱস্থা উন্নত কৰাৰ বাবে সন্দেহযুক্ত ৰোগীৰ নমুনা পৰীক্ষাৰ বাবে পুনেলৈ প্ৰেৰণ কৰা হৈছে।

ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই অহাৰ বাবে গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুষিকেশ পেটেলে লখপট অঞ্চলত পৰিস্থিতিৰ বুজ ল’ব। আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু কচ্চ জিলাৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী প্ৰফুল্ল পাঞ্চেৰিয়াও উপস্থিত থাকিব। তেওঁলোকে একেলগে লখপট আৰু আবদাছা অঞ্চলৰ সন্দেহযুক্ত ৰোগ সন্দৰ্ভত বিশদ পৰ্যালোচনা কৰিব। উল্লেখযেগ্য যে অজ্ঞাত ৰোগত মৃত্যু হোৱা আটাইকেইগৰাকী  জাট মালধাৰী জনগোষ্ঠীৰ বুলি জানিব পৰা গৈছে৷ এই জ্বৰৰ লক্ষণসমূহ নিউমোনাইটিছৰ দৰেই যদিও ৰেপিড ৰেচপন্স টিমে মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ পৰীক্ষা নিৰীক্ষা চলাই আছে।

গুজৰাট চৰকাৰে নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীক ক্ৰিমিয়ান-কংগো হেমৰেজিক ফিভাৰ(CCHF), স্ক্ৰাব টাইফাছ, চণ্ডীপুৰা ভেচিকুলোভাইৰাছ CHPV), জাপানীজ এনকেফেলাইটিছ আৰু প্লেগকে ধৰি বিভিন্ন ৰোগ হ’ব পৰা জীৱাণুৰ নমুনা পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?