--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৌৰজগতৰ বিষয়ে অধিক জানিবলৈ গৱেষক সকলে অহৰহ অধ্যয়ন চলাই আহিছে৷ ৰহস্যময় সৌৰজগতৰ আন এক ৰহস্যৰ সন্ধান কৰিছে গৱেষকসকলে৷ সৌৰজগতৰ বাহিৰত সন্ধান পাইছে নৰক সদৃশ এটা গ্ৰহ৷আশ্বৰ্য্যৰ বিষয় যে WASP-76b নামৰ এই গ্ৰহটো  ইয়াৰ নক্ষত্ৰৰ সৈতে সংযুক্ত হৈ থাকে৷ দিনৰ ভাগত ইয়াৰ তাপমাত্ৰা ২০০০ ডিগ্ৰী চেলছিয়াছ।তীব্ৰ বেগত বতাহ চলাচল কৰা গ্ৰহটোত, বায়ুত অতিমাত্ৰা লোহাৰ কণিকা পৰিলক্ষিত হৈছে। এই গ্ৰহটোৰ বায়ুমণ্ডলত এই কণাবোৰ দ্ৰুতগতিত ওপৰৰ পৰা তললৈ গতি কৰি থাকে। 

সৌৰজগতৰ বাহিৰতো বিদ্যমান বহিঃগ্ৰহ আৰু এই গ্ৰহবোৰে আন তৰাবোৰক প্ৰদক্ষিণ কৰে।এই ধৰণৰ গ্ৰহ ১৯৯০ চনত প্ৰথম আৱিষ্কাৰ হৈছিল আৰু তাৰ পাছৰ পৰা ৫,২০০ ৰো অধিক বহিঃগ্ৰহ আৱিষ্কাৰ হৈছে।এই বহিঃগ্ৰহসমূহৰ কিছুমান বৃহস্পতি বা শনিৰ দৰে আৰু আন কিছুমান সৰু সৰু শিলৰ পৃথিৱী সদৃশ গ্ৰহ যিবিলাক সম্ভৱতঃ বাসযোগ্য নহয়।উন্নত টেলিস্কোপ আৰু উন্নত পৰ্যবেক্ষণ কৌশলৰ বিকাশৰ লগে লগে এনেধৰণৰ অধিক গ্ৰহৰ সন্ধান কৰাৰ লগতে এই গ্ৰহবোৰৰ স্থান নিৰ্ণয় কৰাৰ সক্ষমতাও বৃদ্ধি পাব বুলি সদৰি কৰিছে গৱেষকসকলে।

শেহতীয়াকৈ WASP-76b গ্ৰহটোৱে গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই গ্ৰহটো পৃথিৱীৰ পৰা প্ৰায় ৬৪০ আলোকবৰ্ষ দূৰত্বত থকা এটা অতি উত্তপ্ত গেছৰ গ্ৰহ। ইয়াৰ কক্ষপথ ইয়াৰ নক্ষত্ৰৰ অতি ওচৰত। মাত্ৰ ১.৮ দিনতে ই নিজৰ নক্ষত্ৰৰ চাৰিওফালে এটা প্ৰদশিন সম্পূৰ্ণ কৰে।উল্লেখযোগ্য যে জেনেভা বিশ্ববিদ্যালয়ৰ একাংশ জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে WASP-76b গ্ৰহৰ বায়ুমণ্ডলত তীব্ৰ বতাহত লোহাৰ কণাবোৰ দ্ৰুতগতিত ওপৰৰ পৰা তললৈ গতি কৰি থকাৰ সাক্ষ্য সম্পৰ্কে Astronomy & Astrophysics নামৰ আলোচনীখনত প্ৰকাশ কৰিছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?