--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দেহৰ বাবে ফল-মূল অত্যন্ত উপকাৰী। ফল-মূলে আমাৰ দেহত প্ৰয়োজনীয় পুষ্টি যোগান ধৰাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি তোলে।সাধাৰণতে যিকোনো ফলমূলৰ বীজ পেলনীয়া বুলি গণ্য কৰা হয়৷ 

স্বাস্থ্যসন্মত এনে ফলৰ ভিতৰত আমাৰ মনলৈ সততে আহে অমিতাৰ কথা। অমিতাৰ আছে দেহ উপকাৰী বহুতো গুণ। একেদৰে অমিতাৰ গুটিৰো‌ আছে অমিতাৰ সমানে উপকাৰী গুণ। অমিতা খোৱাৰ পাছত হয়তো ইয়াৰ গুটি আপুনি পেলাই দিয়ে। কিন্তু এতিয়াৰ পৰা নিদিব। কিয়নো অমিতাৰ গুটিৰ জৰিয়তে বহু ৰোগৰ পৰা সকাহ পাব পাৰি। অমিতাৰ গুটিৰ সোৱাদ অলপ টেঙা আৰু ক’লা জলকীয়াৰ দৰে।অমিতাৰ গুটি ভিটামিনেৰে ভৰপূৰ৷ ইয়াত আছে ফছফৰাছ, মেগনেছিয়াম, কেলছিয়ামৰ দৰে ভিটামিন৷

অমিতাৰ গুটিৰ কি কি উপকাৰিতা, জানো আহক- 

লিভাৰৰ সুৰক্ষা- লিভাৰ চিৰ'ছিছত আক্ৰান্ত ৰোগীৰ বাবে পকা অমিতাৰ গুটি খুবেই উপকাৰী৷ অমিতা গুটিত এক বিশেষ ধৰণৰ এনজাইম থাকে যাক পেপেইন বুলি জনা যায় । ইয়াৰ সহায়ত হজম শক্তি উন্নত কৰিব পাৰি। সেয়ে খাদ্য খোৱাৰ পাছত এচামুচ অমিতাৰ গুটি খাব লাগে। এনে কৰিলে কোষ্ঠকাঠিন্য, লিভাৰৰ সমস্যা,গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি নহ’ব।

ওজন কম হ'ব- অমিতাৰ গুটিত আঁহৰ পৰিমাণ অতি বেছি। সেইবাবে অমিতাৰ গুটিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰে ভোক নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত ওজন কমোৱাত সহায়ক হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি- অমিতা গুটিক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বিখ্যাত। অমিতাৰ গুটি খালে চৰ্দি, কাহ আৰু ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

কৰ্কট ৰোগ প্ৰতিৰোধ-কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে অমিতাৰ গুটি খাব লাগে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ইয়াৰ বীজত কেন্সাৰ প্ৰতিৰোধী গুণ পোৱা যায়, যাৰ ফলত কিছুমান কেন্সাৰ কোষৰ বৃদ্ধি হোৱাটো ৰোধ কৰে ৷

ঋতুস্ৰাৱৰ যন্ত্ৰণা হ্ৰাস-  মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত যন্ত্ৰণাৰ সৃষ্টি হ’লে মৌৰ সৈতে মিহলাই অমিতাৰ গুটি খালে যন্ত্ৰণাৰ উপশম হয়৷

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?