ডিজিটেল ডেস্কঃ বন্দে ভাৰত ৰে'লগাড়ীখনৰ জনপ্ৰিয়তা বৃদ্ধিৰ পিছত ইয়াৰ শ্লীপাৰ সংস্কৰণো প্ৰস্তুত কৰা হৈছে। এই ৰে'লখনত বহু সা-সুবিধা আছে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি অৰ্থাৎ দেওবাৰে বন্দে ভাৰত শ্লীপাৰ ৰে'লৰ আভাস দেখুৱালে।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বেংগালুৰুৰ ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেডৰ কাৰখানাত পৰিদৰ্শন কৰে ৰে’লখন।
অহা ৩ মাহত অৰ্থাৎ ডিচেম্বৰৰ ভিতৰত বন্দে ভাৰত শ্লীপাৰ ৰে'ল চলাচল আৰম্ভ হ’ব আৰু ইয়াৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। ৮০০ৰ পৰা ১২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে বন্দে ভাৰত শ্লীপাৰ ৰে'ল।
পুৱা ১০ বজাত যাত্ৰীসকলে এই ৰে'লখনত উঠি পিছদিনা পুৱাৰ ভিতৰত গন্তব্য স্থানত উপস্থিত হ’ব। মধ্যবিত্ত শ্ৰেণীৰ বাবে ডিজাইন কৰা এই ৰে'লখনৰ ভাড়া ৰাজধানী ৰেলৰ দৰেই হ’ব।
১৬টা ডবাযুক্ত এই ৰে’লখনত থাকিব কেইবাটাও এচি ডবা।