--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কানপুৰৰ গংগা নদীত ডুব যোৱাৰ ফলত উত্তৰ প্ৰদেশ স্বাস্থ্য বিভাগৰ উপ সঞ্চালকৰ মৃত্যু হয়। উপ-সঞ্চালকজন গংগাত ডুবি থাকোতে ডুবাৰুৱে তেওঁক বচাবলৈ ১০ হাজাৰ টকা দাবী কৰিলে, কিন্তু নগদ ধন নথকাৰ বাবে টকাখিনি অনলাইনত ট্ৰান্সফাৰ কৰিব লগা হয় ৷ট্ৰান্সফাৰ হোৱাৰ সময়লৈকে তেওঁ ডুব যায়। 

এনে পৰিস্থিতিত এই প্ৰশ্ন উত্থাপন হৈছে যে স্বাস্থ্য বিভাগৰ উপ-সঞ্চালক আৰু তেওঁৰ পত্নী ন্যায়াধীশ আৰু তেওঁৰ ভাতৃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পাদক হোৱাৰ সত্বেও তেওঁলোকৰ বন্ধুৰ হাতত ১০ হাজাৰ টকা নাছিলনে ? এই ঘটনা সন্দৰ্ভত প্ৰশাসনৰ ওপৰতো ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে যেতিয়া এনে এজন জ্যেষ্ঠ বিষয়াৰ সৈতে এনে ঘটনা সংঘটিত হয়, তেতিয়া সাধাৰণ জনতাৰ কি হ’ব? প্ৰশাসনে তাত ডুবাৰু নিয়োগ কৰিব লাগে। যাতে, অন্য কাৰোবাৰ লগত এনে ঘটনা ঘটিলে তেওঁক ৰক্ষা কৰিব পৰা যায়।


শনিবাৰে কানপুৰৰ নানা মৌ ঘাটত বন্ধু প্ৰদীপ তিৱাৰীৰ সৈতে গংগাত গা ধুবলৈ যায় উন্নাওৰ বাসিন্দা আদিত্য বৰ্ধন সিঙে। তেওঁৰ পত্নী শৈলজা মিশ্ৰ মহাৰাষ্ট্ৰৰ ন্যায়াধীশ, আনহাতে তেওঁৰ ভাতৃ অনুপম সিং বিহাৰৰ জ্যেষ্ঠ আইএএছ হোৱাৰ লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পাদক। তেওঁৰ বন্ধুসকলে কয় যে তেওঁ গা ধুওঁতে ফটো এখন তুলিবলৈ কৈছিল আৰু এই সময়ছোৱাত হঠাতে তেওঁৰ ভৰিখন নদীৰ তলত থকা গাঁতত সোমায় আৰু এই কাৰনে তেওঁ ডুব গংগাত ডুব যায়।


তেওঁক ডুব যোৱা দেখি তেওঁৰ বন্ধুসকলে লগে লগে ঘাটত থিয় হৈ থকা ডুবাৰুসকলক বচাবলৈ অনুৰোধ কৰে, কিন্তু ডুবাৰুসকলে প্ৰথমে ১০হাজাৰ টকা দাবী কৰে ৷ এই বিষয়ে উপ-সঞ্চালকৰ বন্ধুসকলে কয় যে ‘আমাৰ হাতত নগদ ১০হাজাৰ টকা নাই। আমি অনলাইন ট্ৰান্সফাৰ কৰিম। কিন্তু ডুবাৰুসকলে প্ৰথমে কাষৰ দোকানী শৈলেশ কাশ্যপৰ একাউণ্টলৈ অনলাইনযোগে ১০হাজাৰ টকা ট্ৰেন্সফাৰ কৰি তাৰ পিছত তেওঁক উদ্ধাৰৰ বাবে আগবাঢ়ি যায়। অৱশ্যে তেতিয়ালৈকে উপ-সঞ্চালকজন ডুব যায় ৷


তেওঁক বিচাৰিবলৈ আৰক্ষী প্ৰশাসন আৰু এছডিআৰএফৰ দল উপস্থিত হয়। কিন্তু নিশালৈকে তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা নাছিল। এই সময়ছোৱাত অঞ্চলটোৰ মুৰব্বীজনো সেই ঠাইত উপস্থিত হৈছিল। একে সময়তে টকা লোৱা শৈলেশ গৌতমে কয় যে ‘ডুবাৰুৱে টকা বিচাৰিছিল। ডুবাৰুজনৰ একাউণ্ট নাছিল গতিকে টকাখিনি মোৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিলে। টকাখিনি ঘূৰাই দিছো।’


এই ক্ষেত্ৰত অঞ্চলটোৰ এডিচিপি বৃজেন্দ্ৰ দ্বিবেদীয়ে কয় যে ‘‘তেওঁৰ পানীত ডুব যোৱাৰ তথ্য পাই আৰক্ষীয়ে সেই স্থানলৈ গৈ পায়। আমি গভীৰ নিশালৈকে বিচাৰি থাকিলোঁ কিন্তু বিচাৰি নাপালোঁ। এই মুহূৰ্তত পুৱাৰে পৰা পুনৰ তেওঁৰ সন্ধানৰ অভিযান চলি আছে। এই অঞ্চলটোত এতিয়া চৰ্চা চলিছে যে গংগাৰ পাৰত যেতিয়া ডুবাৰুৱে ১০ হাজাৰ টকাৰ অভিযোগত এনে এজন জ্যেষ্ঠ বিষয়াক উদ্ধাৰ কৰিবলৈ ব্যৰ্থ হ’ল। এনে পৰিস্থিতিত ৰাইজে আৰক্ষী প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে েয প্ৰশাসনে তাত ডুবাৰু কিয় ৰখা নাই?’’ 

আদিত্যৰ ভনীয়েক বিদেশত আছে আৰু মাক-দেউতাক ভনীয়েকৰ লগত আছে। আদিত্যৰ ভাতৃ, বিহাৰ চৰকাৰৰ সম্পাদক অনুপম সিঙে খবৰ পায় লগালগ ঘটনাস্থলীলৈ আহে । আদিত্য লক্ষ্ণৌৰ ইন্দিৰা নগৰত বাস কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?