--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰৰ প্ৰাক মুহূৰ্তত ৰিজাৰ্ভ বেংকে ঘোষণা কৰিলে পৰৱৰ্তী তিনিমাহৰ ৰেপো ৰেট  । ৰিজাৰ্ভ বেংকে ঘোষণা কৰা আনুসৰি চলিত বিত্তীয় বৰ্ষৰ অন্তিম চতুৰ্থাংশত ৰেপো ৰেট অপৰিৱৰ্তিত থাকিব। ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে  মুদ্ৰা নীতি সমিতিৰ এখন বৈঠকৰ পিছত ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্তৰ কথা  ঘোষণা কৰে।

ফলস্বৰূপে দেশৰ বিভিন্ন বেংকৰ পৰা ঋণ লওঁতাই পৰোক্ষভাৱে কিছু সকাহ পাব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰিবলৈ যোৱা বছৰত কেইবাবাৰো ৰেপো ৰেট বৃদ্ধি কৰিছে। ৰেপো ৰেট মে’ ২০২২ ৰ পৰা এপ্ৰিল ২০২৩ লৈ ২৫০ বেছিছ পইণ্ট পৰ্যন্ত  বৃদ্ধি কৰা হৈছে। অৱশ্যে  ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা চতুৰ্থাংশত ৰেপো ৰেট বৃদ্ধি কৰা হোৱা নাছিল। এয়া চতুৰ্থ কোৱাৰ্টাৰতো সম্প্ৰসাৰিত কৰা হোৱা নাছিল।আগতে ৰেপো হাৰ নিৰন্তৰ বৃদ্ধি হোৱাৰ বাবে ব্যৱসায়ীৰ পৰা ঋণ লওঁতালৈকে সকলোৱে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল।

 মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰেপো ৰেট বৃদ্ধি কৰাত  সাধাৰণ মানুহৰ ওপৰত বিত্তীয় চাপ বাঢ়ি আহিছিল। গৃহ আৰু গাড়ীৰ ঋণৰ সূতৰ হাৰো বাঢ়ি গৈছিল। ৰিজাৰ্ভ বেংকে এইবাৰ জনতাক সেয়ে কিছু সকাহ দিছে। যদি ৰেপো ৰেট একেৰাহে চাৰিটা ত্ৰিমাহত বৃদ্ধি কৰা নহয় তেন্তে উৎসৱৰ বতৰত ইএমআই বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই।

মুদ্ৰা নীতি সমিতিৰ (এমপিচি) বৈঠকৰ পিছত ৰিজাৰ্ভ বেংকে কৈছে যে ৰেপো ৰেট আগৰ দৰে ৬.৫০ শতাংশত ৰখা হ'ব।  বিশেষজ্ঞসকলে বিশ্বাস কৰে  যে এই বছৰ ৰেপো ৰেট কমেও ২৫ বেছিছ পইণ্ট বৃদ্ধি কৰা হ'ব পাৰে। কিন্তু বেংক আৰু ঋণ লওঁতাসকলৰ কথা বিবেচনা কৰি, ৰিজাৰ্ভ বেঙ্কে বৰ্তমানৰ বাবে ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?