ডিজিটেল ডেস্কঃ তামিলনাডুৰ পিছত অন্ধ্ৰ প্ৰদেশতো বিভাজনৰ দিশে অগ্ৰসৰ হৈছে এনডিএ । পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে আনুষ্ঠানিকভাৱে চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰিব বুলি ঘোষণা কৰিছে। উল্লেখ্য জনসেনা পাৰ্টি এতিয়ালৈকে বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে। কিন্তু অভিনেতা পৱন কল্যাণৰ দলটোৱে সম্ভৱতঃ বিজেপিৰ সৈতে নাথাকিব।দৰাচলতে অন্ধ্ৰ প্ৰদেশত বিজেপিৰ স্থিতি অতি দুৰ্বল।
পৱন কল্যাণে অনুভৱ কৰিছে যে ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰিবলৈ চন্দ্ৰবাবু নাইডুৰ হাতত ধৰিলেহে ফল পোৱা যাব৷ শেহতীয়াকৈ পৱনে কৈছে যে অন্ধ্ৰৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ দল ৱাইএছআৰ কংগ্ৰেছক পৰাস্ত কৰিবলৈ আগন্তুক বিধানসভা নিৰ্বাচনত জনসেনাই টিডিপিৰ সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থা কৰিব। তেওঁৰ মতে অন্ধ্ৰৰ উন্নয়নৰ বাবে চৰকাৰ পৰিৱৰ্তন প্ৰয়োজনীয়।জনসেনা পাৰ্টি টিডিপিৰ সৈতে আসন ভাগ-বতৰাৰ ব্যৱস্থাৰ অৰ্থ হৈছে বিজেপিৰ সৈতে সম্পৰ্ক ছিন্ন কৰা। যোৱা বিধানসভা নিৰ্বাচনতো অন্ধ্ৰ প্ৰদেশত বিজেপি-জনসেনা মিত্ৰতা হৈছিল।
অৱশ্যে এই মিত্ৰতাই বিশেষ সফলতা লাভ কৰা নাছিল। পৱনে এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপিক বিশ্বাসত ল’ব বিচৰা নাই। এতিয়া তেলেগু চুপাৰষ্টাৰগৰাকীয়ে চন্দ্ৰবাবু নাইডুৰ ওপৰতহে অধিক নিৰ্ভৰ কৰিছে। অৱশ্যে শেষত বিজেপিৰ সৈতেও চন্দ্ৰবাবুৰ বুজাবুজিৰ সম্ভাৱনা আছে।যদি জনসেনা পাৰ্টিয়ে বিজেপিৰ সৈতে বুজাবুজি অবিহনে টিডিপিৰ সৈতে মিত্ৰতা কৰে, গেৰুৱা দলটোৱে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্যত এক ডাঙৰ বিফলতাৰ সন্মুখীন হ'ব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।
তামিলনাডুৰ এআইএডিএমকেৰ সৈতে বিজেপিৰ মিত্ৰতা ইতিমধ্যে ছেদ হৈছে। এইবাৰ বিজেপিয়ে অন্ধ্ৰতো মিত্ৰশক্তি হেৰুৱালে দক্ষিণৰ ৰাজ্যত বিজেপি অধিক দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে, পৱনে লগতে কয় যে তেওঁ এন ডি এতো থাকিব। তেওঁ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ সৈতেও যোগাযোগ কৰি আছে। অৱশ্যে, চন্দ্ৰবাবুক সমৰ্থন কৰি বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰাটো কেনেকৈ সম্ভৱ হ’ব সেয়া তেওঁ এতিয়ালৈকে স্পষ্ট কৰা নাই।