--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ বাবেই বহুলোক হত্যাৰ বলি হয়। আমাৰ সমাজৰে অনেক পত্নী বা স্বামী হেৰাই গ'ল পৰকীয়া প্ৰেমৰ বাবেই। এই পৰকীয়া প্ৰেমক স্বীকৃতি দি চৰ্চাৰ বিষয় হৈ পৰিছে এজন স্বামী। 

উত্তৰ প্ৰদেশৰ সন্ত কবিৰনগৰত এগৰাকী মহিলাই সন্তান আৰু স্বামীক এৰি প্ৰেমিকক বিয়া পাতিলে। ইয়াৰ আঁৰৰ ডাঙৰ কথাটো হ’ল এই বিয়াখন মহিলাগৰাকীৰ স্বামীয়ে নিজে আয়োজন কৰিছে আৰু নিজ হাতেৰে পত্নীক প্ৰেমিকৰ হাতত গতাই দিলে।

প্ৰথমে স্বামীয়ে পত্নীক আদালতৰ পৰা নটাৰী কৰাইছিল আৰু তাৰ পিছত পত্নীক প্ৰেমিকৰ সৈতে মন্দিৰত বিয়া পাতি দিয়ে। এই বিষয়টো বনজুইৰ দৰে অঞ্চলটোত বিয়পি পৰিল।

তথ্য অনুসৰি ২০১৭ চনত বাবলু নামৰ যুৱকজনে ৰাধিকা নামৰ যুৱতীগৰাকীক বিয়া কৰাইছিল। বিবাহৰ আঠ বছৰত তেওঁলোকৰ দুটা সন্তানো হৈছিল। ডাঙৰ সন্তানটো হৈছে সাত বছৰীয়া আৰ্য্য আৰু দুবছৰীয়া কন্যা শিৱানী। 

উপাৰ্জনৰ বাবে বাবলু প্ৰায়ে ঘৰৰ বাহিৰত থাকিছিল। ইফালে ৰাধিকাই গাঁৱত বাস কৰা এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিলে আৰু বহুদিন ধৰি সেই সম্পৰ্ক চলি থাকিল। এই সম্পৰ্ক ক্ৰমান্বয়ে গাঁৱত চৰ্চাৰ বিষয় হৈ পৰিল। 

পৰিয়ালৰ লোকে এই কথা গম পাই বাবলুক খবৰ দিলে। ৰাধিকাৰ স্বামীয়ে যেতিয়া এই কথা গম পালে, তেতিয়া তেওঁ প্ৰথমে পত্নীক বুজাবলৈ বহু চেষ্টা কৰিলে। বুজনি কোনো কামত নহা দেখি, তেতিয়া তেওঁ এই বিষয়টো গাঁৱৰ মানুহৰ আগত আগবঢ়াই দিলে যে মোৰ পত্নীয়ে সিদ্ধান্ত ল’ব যে তাই মোৰ লগত থাকিব বিচাৰে নে তাইৰ প্ৰেমিকৰ লগত থাকিব বিচাৰে? যেতিয়া মহিলাগৰাকীয়ে নিজৰ প্ৰেমিকৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি সঁহাৰি জনাইছিল, তেতিয়া সমগ্ৰ সমাজখন স্তম্ভিত হৈ পৰিছিল।

স্বামীয়ে ক’লে, ঠিক আছে, আমি তোমাক তোমাৰ প্ৰেমিকৰ লগত বিয়া দিম আৰু মই নিজেই মোৰ ল’ৰা-ছোৱালী দুটাক ডাঙৰ কৰিম। এই সকলোবোৰৰ সাক্ষী হৈ থাকিল গাঁৱৰ ৰাইজ।

প্ৰেমিকৰ হাতত পত্নীক গতাই দি নিজেই সন্তান দুটাৰ সৈতে জীৱনৰ এক নতুন পৰ্যায়ৰ দিশে আগবাঢ়িল বাবলু।

বহু লোকে দুখ প্ৰকাশ কৰি কৈছে যে এই নিৰীহ শিশু দুটিৰ কি ভুল আছিল যে মাতৃ থকাৰ পাছতো এই কণমান বয়সতে মা শব্দটোৰ পৰা বঞ্চিত হ’ব লগা হ’ল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?