--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ সকলো সমস্যা পাহৰি এতিয়া পূৰ্বোত্তৰবাসী বিশেষকৈ গুৱাহাটীবাসী আক্রান্ত আই পি এল জ্বৰত। আই পি এল ২০২৫ক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী। কোনোবা যদি ৰিয়ান পৰাগৰ ফেন, কোনোবাজন আকৌ ধোনীৰ। কোনোবাই আকৌ আশা কৰি আছে সোঁশৰীৰে কিং খানক এবাৰ গুৱাহাটীত প্রত্যক্ষ কৰাৰ। ২৬ মার্চ আৰু ৩০ মাৰ্চৰ গুৱাহাটীৰ খেল চাবলৈ সাজু হৈছে ৰাজ্যবাসী। 

উল্লেখযোগ্য যে আজি ২৬ মার্চত বর্ষাপাৰাত সমুখসমৰত নামিব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছ। আনহাতে, ৩০ মাৰ্চত মুখামুখি হ'ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। দুয়োখন হাইভল্টেজ মেচতে ৰানৰ জোৱাৰ উঠিব বুলি ক্রিকেটপ্রেমীসকল অত্যন্ত আশাবাদী। সকলোৱেই আশা কৰিছে এইবাৰ শেষ আই পি এলত অংশগ্রহণ কৰা ধোনীয়ে বর্ষাপাৰাৰ সেউজ দলিচা কঁপাই তুলিব ধোনীৰ ট্রেডমার্ক হেলিকপ্টাৰ শ্বটেৰে। এই হাইভল্টেজ মেচ দুখনৰ বাবে মহানগৰীৰ যান-বাহন আৰক্ষীয়েও গ্রহণ কৰিছে কেতবোৰ বিশেষ ব্যৱস্থা। সেই অনুসৰি মেচৰ দুদিন বিয়লি ২ বজাৰ পৰা নিশা ১ বজা পর্যন্ত জি এছ ৰ'ড, বি কে কাকতী ৰ'ড, এ টি ৰ'ড, এম জি ৰ'ড, কাহিলিপাৰা পথকে ধৰি বহুকেইটা পথত বন্ধ থাকিব বাণিজ্যিক যান-বাহনৰ চলাচল। 

সেইদৰে যান-বাহন শাখাৰ নিৰ্দেশনা অনুসৰি মহানগৰীৰ এ কে আজাদ ৰ'ড ৱান বে' হ'ব আৰু ৩ বজাৰ পাছত চাইকেল ফেক্টৰীৰ দিশৰ পৰা লালগণেশ তিনিআলিলৈ চলাচল কৰিব নোৱাৰিব যান-বাহন। বিয়লি ৪-৩০ বজাত বর্ষাপাৰা ষ্টেডিয়ামৰ গেট খোল খাব আৰু তেতিয়াৰ পৰা লালগণেশৰ পৰা বর্ষাপাৰালৈ পাছ থকা বাহনহে আহিব পাৰিব। মুঠ ৬খন গে'টেৰে দৰ্শক ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব। ইফালে, আজি বর্ষাপাৰাত বলিউডৰ চেলিব্রেটি জেকুলিন ফার্নাণ্ডেজক চাম বুলি আশা কৰি থকাসকলৰ বাবে দুঃখবৰ- মাতৃৰ অসুস্থতাৰ বাবে জেকুলিন আহিব নোৱাৰিব। কিন্তু হ'লেও কিং খানকে ধৰি বলিউডৰ আনসকল চেলিব্রেটিয়ে গুৱাহাটী ৰঙীন কৰি তুলিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?