--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আফগানিস্তানৰ তালিবান চৰকাৰৰ শেহতীয়া এক ঘোষণা সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। আফগানিস্তানত মহিলাৰ চিকিৎসা প্ৰশিক্ষণ নিষিদ্ধ ঘোষণা কৰিছে তালিবানে। তালিবান মন্ত্ৰী হিবাতুল্লাহ আখুন্দজাদাই ২ ডিচেম্বৰত আফগানিস্তানত মহিলাৰ চিকিৎসা প্ৰশিক্ষণ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল৷ তালিবানৰ এই নতুন নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা কৰিছে আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খানে।

ৰছিদ খানে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে। নিজ দেশৰ মহিলাসকলৰ সমৰ্থনত মুকলিকৈ ওলাই আহিছে ৰছিদ খান।তাৰকা ক্ৰিকেটাৰ ৰছিদ খানে আফগানিস্তানত মহিলাৰ চিকিৎসা প্ৰশিক্ষণৰ ওপৰত থকা নিষেধাজ্ঞা অনতিপলমে প্ৰত্যাহাৰ কৰিবলৈ তালিবান চৰকাৰক আহ্বান জনাইছে। ৰছিদ খানে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি ক্ৰিকেটাৰগৰাকীয়ে আফগানিস্তানত মহিলাসকলৰ বাবে চিকিৎসা প্ৰতিষ্ঠানৰ দ্বাৰ বন্ধ হৈ পৰাত হতাশ হৈ পৰা বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে ইছলামিক শিক্ষাত শিক্ষাক বিশেষ স্থান আছে, পুৰুষ আৰু মহিলা উভয়ে জ্ঞান আহৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। কোৰানে শিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে পুৰুষ মহিলা বাবে সমানে আধ্যাত্মিক মূল্য গ্ৰহণ কৰে।

তালিবানৰ এই সিদ্ধান্তই কেৱল মহিলাৰ ভৱিষ্যতেই নহয়, সমাজ তন্ত্ৰকো গভীৰভাৱে প্ৰভাৱিত কৰিছে। ৰছিদ খানে তালিবান চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাই কয় যে সকলোকে শিক্ষা প্ৰদান কৰাটো কেৱল সামাজিক দায়বদ্ধতাই নহয়, নৈতিক বাধ্যবাধকতাও।

ৰছিদ খানে লগতে কয় আফগানিস্তান এক জটিল সন্ধিক্ষণত থিয় দিছে। প্ৰতিটো ক্ষেত্ৰতে পেছাদাৰী ব্যক্তিৰ অতি প্ৰয়োজন বিশেষকৈ চিকিৎসা ক্ষেত্ৰত। আফগানিস্তানত মহিলা চিকিৎসক আৰু নাৰ্ছৰ তীব্ৰ নাটনি বিশেষভাৱে চিন্তনীয়৷ যি প্ৰত্যক্ষভাৱে মহিলাৰ স্বাস্থ্যসেৱা আৰু মৰ্যাদাৰ ওপৰত প্ৰভাৱ পেলাইছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?