--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাধাৰণতে শুনিবলৈ পোৱা যায় যে শীতকালত হাৰ্টএটেকৰ সমস্যা বৃদ্ধি হয়, ইয়াৰ এটাই মাত্ৰ কাৰণ হৈছে এই বতৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। শীতকালত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি এক জটিল সমস্যা হৈ পৰে। ই আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে বিপজ্জনক বুলি প্ৰমাণিত হৈছে। সেয়েহে শীতকালত কলেষ্টেৰলৰ মাত্ৰা কিয় বৃদ্ধি পায় আৰু ইয়াৰ মূল কাৰণ কি কি জানো আহক।

১. শাৰীৰিক কাৰ্যকলাপৰ অভাৱ : শীতকালত ঠাণ্ডাৰ বাবে মানুহে ঘৰৰ ভিতৰত থাকিবলৈ বেছি পছন্দ কৰে আৰু শাৰীৰিক ক্ৰিয়া-কলাপ কৰাৰ অভ্যাস কমি যায়। ব্যায়াম নকৰাৰ বাবে শৰীৰত জমা হোৱা চৰ্বিৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ ফলত বেয়া কলেষ্টেৰল LDLৰ মাত্ৰা বৃদ্ধি পাব ধৰে।

২. অত্যধিক তেলীয়া খাদ্য খোৱা : শীতকালত গৰম, তেলীয়া আৰু টেঙাজাতীয় খাদ্য খোৱাৰ প্ৰৱণতা বাঢ়ি যায়। শীতকালত সাধাৰণ তেলত ভজা খাদ্যৰ লগতে আমিষ তথা মছলাযুক্ত খাদ্য বেছিকৈ খোৱা হয়, যিবোৰত চৰ্বি আৰু কেলৰি প্ৰচুৰ পৰিমাণে থাকে। এই খাদ্যবোৰে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰে।

৩. সূৰ্যৰ পোহৰ আৰু ভিটামিন-ডিৰ অভাৱ : শীতকালত সূৰ্যৰ পোহৰ কম হয়, যাৰ বাবে শৰীৰত ভিটামিন-ডিৰ মাত্ৰা হ্ৰাস পাব ধৰে। ভিটামিন-ডিৰ অভাৱত কলেষ্টেৰলৰ ভাৰসাম্য তাৰতম্য হ’ব পাৰে, কাৰণ এই ভিটামিনে শৰীৰৰ কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে।

৪. শীতকালত হৰম’নৰ পৰিৱৰ্তন : শীতকালত শৰীৰত হৰম’নৰ মাত্ৰা সলনি হয়। ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ শৰীৰে অধিক শক্তি জমা কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত চৰ্বিৰ মাত্ৰা বৃদ্ধি পায় আৰু কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিত ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

৫. আঁহজাতীয় খাদ্যৰ অভাৱ : শীতকালত মানুহে শাক-পাচলি আৰু ফলমূলৰ সলনি গধুৰ আৰু তেলীয়া খাদ্যহে বেছি পছন্দ কৰে। ইয়াৰ ফলত শৰীৰত আঁহৰ অভাৱ দেখিবলৈ পোৱা যায় বাবে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাব ধৰে।

উচ্চ কলেষ্টেৰলৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
নিয়মীয়া ব্যায়াম, সেউজীয়া শাক-পাচলিৰ লগতে ফলমূল গ্ৰহণ, পৰ্যাপ্ত পৰিমাণৰ সূৰ্যৰ পোহৰ আৰু চৰ্বিযুক্ত খাদ্য সীমিত সেৱনৰ দ্বাৰা শীতকালত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পৰা যায়। সুস্থ জীৱনশৈলী গ্ৰহণ কৰক আৰু পাৰিলে শীতকালত কলেষ্টেৰল পৰীক্ষা এবাৰ হ'লেও কৰোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?