--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত আৰু ৰাছিয়াৰ মাজত আৰম্ভণিৰ পৰাই সম্পৰ্ক সৌহাদ্য পূৰ্ণ৷ শেহতীয়কৈ ৰাছিয়াই সদৰি কৰা অনুসৰি ভাৰতীয়সকলে অতি সোনকালে ৰাছিয়াত ভিছামুক্ত প্ৰৱেশ লাভ কৰিব পাৰে। ২০২৫ চনত এই ঘোষণা ৰাজহুৱা হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বে জুন মাহত ৰাছিয়া আৰু ভাৰতে ভিছামুক্ত গোট পৰ্যটন বিনিময় কাৰ্যকৰী কৰিবলৈ ভিছাৰ নিষেধাজ্ঞা লাঘৱ কৰাৰ বাবে দ্বিপাক্ষিক চুক্তিৰ বিষয়ে আলোচনা কৰা বুলি বাতৰি প্ৰকাশ পাইছিল। 

থাইলেণ্ডৰ পাছতে এইবাৰ ভাৰতীয়ক ভিছামুক্ত প্ৰৱেশ প্ৰদান কৰিব ৰাছিয়াই৷ উল্লেখযযোগ্য যে ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ভাৰতীয়সকলে ৰাছিয়ালৈ যাবলৈ ই-ভিছাৰ লাভ কৰিছিল, যিটো প্ৰক্ৰিয়াত প্ৰায় চাৰিদিন সময় লাগিছিল।

বৰ্তমান ভাৰতীয় নাগৰিকে ৰাছিয়াৰ দূতাবাসে প্ৰদান কৰা ভিছা লাভ কৰিলেহে ৰাছিয়াত প্ৰৱেশ বা থকা আৰু প্ৰস্থান কৰিব পাৰে। আৰু ভিছা লাভ কৰা প্ৰক্ৰিয়াটো আছিল যথেষ্ট দীঘলীয়া। বেছিভাগ ভাৰতীয় পৰ্যটকে ব্যৱসায়িক বা চৰকাৰী উদ্দেশ্যত ৰাছিয়া ভ্ৰমণ কৰে। আৰু ২০২৩ চনত অভিলেখ সৃষ্টিকাৰী ৬০ হাজাৰ ভাৰতীয়ই মস্কো ভ্ৰমণ কৰিছিল, যিটো ২০২২ চনৰ তুলনাত ২৬ শতাংশলৈ বৃদ্ধি পাইছে।

সম্প্ৰতি ভাৰতে ৬২খন দেশলৈ ভিছাবিহীন ভ্ৰমণৰ সুবিধা লাভ কৰি আছে। ২০২৪ চনত হেনলি পাছপ’ৰ্ট সূচকাংকত ৮২ নম্বৰ স্থানত আছে ভাৰত৷ ভাৰতীয় পাছপ’ৰ্টধাৰীয়ে বৰ্তমান ইণ্ডোনেছিয়া, মালদ্বীপ আৰু থাইলেণ্ডৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীলৈ ভিছা অবিহনে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?