ডিজিটেল ডেস্ক: তামিলনাডুৰ কুন্নুৰৰ ওচৰত সংঘটিত এক হেলিকপ্টাৰ দুৰ্ঘটনাত কালি দেশৰ সামৰিক বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) বিপিন ৰাৱটৰ শোকাৱহ মৃত্যুৰ ঘটনাই দেশজুৰি চাঞ্চল্য অব্যাহত ৰাখিছে৷ দুৰ্ঘটনাটোত জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱটসহ মুঠ তেৰগৰাকী লোকৰ মৃত্যু হয়৷সেনাৰ সুৰক্ষাত ক’ৰবাত খুঁত আছে নেকি? এতিয়া বিপিন ৰাৱটৰ মৃত্যুৰ পাছত উদ্ৰেক হৈছে বহু প্ৰশ্নৰ৷ দেশৰ সামৰিকবাহিনীসমূহৰ মুৰব্বীগৰাকী আৰোহী হোৱা হেলিকপ্টাৰখনৰ বিজুতি হ'ল কেনেকৈ? বিপিন ৰাৱটসহ ১৪ গৰাকী সেনা বিষয়াক কঢ়িয়াই নিয়া ‘এম আই-১৭ ভি ৫’ হেলিকপ্টাৰখন বায়ুসৈন্য বাহিনীৰ অতি শক্তিশালী তথা নিৰ্ভৰযোগ্য হেলিকপ্টাৰসমূহৰ অন্যতম বুলি জনা যায়৷
সাধাৰণতে এনে হেলিকপ্টাৰত যাত্ৰাপথত কোনো সমস্যা নহয়৷ যাৰবাবে সম্প্ৰতি বিশেষজ্ঞসকল দুৰ্ঘটনাৰ কাৰণ উদ্ধাৰক লৈ বিমোৰত পৰিছে৷ দেশৰ সেনাপ্ৰধান আৰু সেনাবিষয়াক কঢ়িয়াই নিয়া হেলিকপ্টাৰখনৰ যান্ত্ৰিক বিষয়বোৰ পৰীক্ষা কৰা হৈছিলনে অথবা দুৰ্ঘটনা হ’ব পৰাৰ কোনো আগতীয়া সম্ভেদ আছিল নেকি হেলিকপ্টাৰখনৰ, এই প্ৰশ্ন এতিয়া দেশবাসীৰ মাজত চৰ্চিত হৈছে৷ এগৰাকী সেনা জোৱান ৰাষ্ট্ৰৰ সুৰক্ষা ব্যৱস্থাৰ সৈতে অহৰ্নিশে জড়িত হৈ থাকে৷ তেওঁলোকক ভাৰসা কৰিয়ে শান্তিৰে টোপনি যায় দেশবাসী৷ তেওঁলোকৰ হাততেই দেশৰ সুৰক্ষা ব্যৱস্থাৰ চাবিকাঠী৷ দেশৰক্ষাৰ একোগৰাকী সেনানী দেশৰ সম্পদ৷ ভাৰতত বিপিন ৰাৱট মাত্ৰ এগৰাকীয়েই আছিল৷ তেওঁৰ সুৰক্ষা, নিৰাপত্তা, তেওঁৰ বাহন, আকাশীযান ইত্যাদি সকলো দিশত নিখুঁত ব্যৱস্থা থকা বুলিয়েই ভবা যায়৷ আৰু থকাতোও উচিত৷
তৎসত্ত্বেও, ৰাৱট সহিতে তেৰগৰাকী সেনাবিষয়াক কঢ়িয়াই নিয়া হেলিকপ্টাৰখনৰ ক’ৰবাত ক্ৰটী ৰৈ গ’ল নেকি? বিপিন ৰাৱটে উৰা মাৰিব লগা হেলিকপ্টাৰখনৰ দুৰ্ঘটনা কেনেকৈ হ’বলৈ পালে? বিপিন ৰাৱটৰ দেশপ্ৰেমক হাজাৰটা চেল্যুট৷ এক সংগ্ৰামী যাত্ৰাৰে তেওঁ দেশৰক্ষাৰ গুৰুদায়িত্ব চম্ভালি আহিছিল৷ অথচ, তেওঁৰেই নিৰাপত্তাত যেন কোনোবাখিনিত কেৰোণ ৰৈ গৈছিল৷ ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনীৰ এগৰাকী জোৱানৰ মৃত্যু দেশৰ বৃহৎ শক্তি৷ ইয়াৰ পূৰ্বেও দেশৰ বৈদেশিক আৰু আভ্যন্তৰীণ নিৰাপত্তাক প্ৰশ্ন তুলি সংঘটিত হৈছিল পুলৱামা কাণ্ড৷
আনহাতে, সেনাই ব্যৱহাৰ কৰিবলগা ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ ক্ষেত্ৰতো সংঘটিত হোৱা কেলেংকাৰিৰ বাতৰিয়ে এতিয়াও সংবাদ শিৰোনাম দখল কৰি আছে৷ বফৰ্ছ কেলেংকাৰিয়েও চাঞ্চল্যৰ সৃষ্টি কৰিছিল এসময়ত৷ এনেকৈ সময়ে সময়ে ৰাষ্ট্ৰসুৰক্ষাৰ সৈতে জড়িত সেনানীসকলৰ সৈতে হৈ থকা বিশৃংখলতাই দেশৰ নিৰাপত্তাজনিত দিশৰ দুৰ্বলতাক প্ৰকট কৰি তোলে৷ কালি বিপিন ৰাৱটৰ মৃত্যুৰ ঘটনাই ইতিমধ্যে ভাৰতৰ পৰিধি ভাঙি বিশ্বজুৰি চৰ্চিত হৈছে৷ এনেবোৰ বিষয়ে দেশৰ সন্মানো লাঘৱ কৰে৷ দেশৰ বৈদেশিক নীতি আৰু আভ্যন্তৰীণ প্ৰতিৰক্ষাজনিত দিশতো সৃষ্টি কৰে প্ৰশ্নবোধক৷ সেয়ে, দেশবাসীক আশ্বস্ত কৰিব পৰাকৈ দেশৰ সুৰক্ষা ব্যৱস্থা শৃংখলাবদ্ধ হোৱাতো দেশৰ প্ৰতিগৰাকী জনসাধাৰণে আন্তৰিকতাৰে কামনা কৰে৷