--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূৱ গুৱাহাটী বিহু সন্মিলনী আৰু শিল্পী সমাজৰ যৌথ সংবাদমেল। শিল্পী দিগন্ত ভাৰতীক কৰা অপমান সন্দৰ্ভত এই সংবাদমেল। 

উল্লেখ্য যে, ১৬ এপ্ৰিলত দিগন্ত ভাৰতীৰ সৈতে সংঘটিত হৈছিল অপমানজনিত ঘটনা। পত্নীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ তেওঁ চানমাৰিৰ পূৱ গুৱাহাটী বিহুৰ অনুষ্ঠানলৈ গৈছিল।দৰ্শকৰ আসনত বহি থকা শিল্পীগৰাকীক আয়োজক সমিতিয়ে গান গাবলৈ আহ্বান জনাইছিল। সমিতিৰ আহ্বান মৰ্মে তেওঁ মঞ্চত উঠিছিল। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই হাতৰ মাইক্ৰফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷  

আজি বিহু সন্মিলনীৰ হৈ উপস্থিত আছে সভাপতি বিপুল তালুকদাৰ, সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া, প্ৰধান উপদেষ্টাদ্বয় বলেন ভৰালী আৰু সঞ্জীৱ লহকৰ। আনহাতে শিল্পী সমাজৰ হৈ উপস্থিত দিগন্ত ভাৰতী, ৰাজেশ ভূঞাৰ লগতে শিল্পী সমাজৰ বহু বিষয়ববীয়া ৷

সংবাদ মাধ্যমত সীমান্ত ঠাকুৰীয়াৰ কয়,‘যোৱাকালি আমি আলোচনাত মিলিত হৈ এটা সুস্থিৰ সিদ্ধান্তত উপনিত হৈছো৷ ১৬ তাৰিখৰ ঘটনাত আমি দুখ প্ৰকাশ কৰিছো৷’

এই সন্দৰ্ভত শিল্পী দিগন্ত ভাৰতীয়ে কয়,‘ ১৬ তাৰিখৰ ঘটনা অবাঞ্ছনীয় ৷ বিহুকমিটিয়ে দুখ প্ৰকাশ কৰি ভূল স্বীকাৰ কৰিছে ৷ আমিও সজাগ হ’ম,আমি সকলো মিলি থাকিব লাগিব ৷

তেওঁ আগলৈ কয়,‘আমি তেওঁলোকক আগৰ দৰেই আদৰণি জনাইছো ৷ ফিল্ম ফেটাৰ্নিটিক এজাহাৰ উঠাই ল’বলৈ আহ্বান চানমাৰি বিহু কমিটিৰ ৷ মই আলহী হিচাপেহে গৈছিলো৷ দৰ্শক হিচাপে গৈছিলো৷ তেওঁলোকৰ এজনে মোক উঠাই লৈ গৈছিল৷ কিন্তু তেওঁলোকৰ এজনে নমাই দিয়া কাৰ্যতহে মই ক্ষোভিত৷ জাতীয় সাজপাৰৰ নীতিনিয়মক আদৰণি জনাইছো৷ মই আমন্ত্ৰিত শিল্পী হোৱা হ’লে মইও পৰিধান কৰিলো হয় ৷’

ভাস্বতী ভাৰতীৰ মাননি সংবাদমাধ্যমৰ আগতে প্ৰদান চানমাৰি বিহু সমিতিৰ ৷ বিহুৰ কেইদিন বিহুৰ লগত জড়িত ব্যক্তিসকলৰ ৰাগীয়াল সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান চানমাৰি বিহুসমিতি আৰু শিল্পী সমাজৰ ৷সংবাদ মাধ্যমৰ সন্মুখতে ভাস্বতী ভাৰতীক পাবলগীয়া ধন ৰাশি চেক যোগে প্ৰদান কৰে  চানমাৰি বিহু সমিতিয়ে ৷

ঘটনা সন্দৰ্ভত তেওঁ কয় ,‘তেওঁলোকে কালি আমাৰ ঘৰলৈ গৈছিল মাননী দিবলৈ । কিন্তু আমি কলোঁ বিষয়টো যিহেতু ৰাজহুৱা হৈছে , গতিকে ৰাজহুৱা ভাবে সমাধান হওঁক । তেওঁলোকেও ভুল বুজি পাইছে , আমিও ধৰি থকা নাই ৷’
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?