--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই পি এলৰ পাছত কেইদিনমান জিৰণি। ইয়াৰ পাছতেই ভাৰতীয় দলে ইংলেণ্ডলৈ উৰা মাৰিব। ৰোহিত শর্মা বাহিনীয়ে ইংলেণ্ডত ৫খনীয়া টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব। ফৰ্মৰ বাবে যুঁজ-বাগৰ চলাই থকা ৰোহিত হয়তো ইংলেণ্ড ভ্রমণলৈ নাযায় বুলিও চর্চা চলিছিল। পিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে সেই জল্পনা-কল্পনা খাৰিজ কৰিছে। ফিট হৈ থাকিলে আগন্তুক ইংলেণ্ড ভ্ৰমণত ভাৰতীয় দলটোক নেতৃত্ব দিব ৰোহিতে। 

তেওঁ অ'পেনাৰৰ ভূমিকাত থাকিব। এই কথা প্রকাশ কৰিছে সংবাদ সংস্থা পি টি আয়ে। মে' মাহৰ দ্বিতীয় সপ্তাহত ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হ'ব। যোৱা অষ্ট্ৰেলিয়া ভ্রমণত ১৭জনীয়া দল প্ৰেৰণ কৰিছিল ভাৰতীয় ব'ৰ্ডে। খবৰ অনুসৰি ভাৰতীয় দলত কেইবাটাও পৰিৱৰ্তন হ'ব পাৰে। ঘাইকৈ মিডল অর্ডাৰত পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰা হৈছে। অষ্ট্ৰেলিয়াত সন্মুখীন হোৱা বিপৰ্যয়ৰ পাছত ব'ৰ্ডৰ কৰ্মকৰ্তাই বেটিং অৰ্ডাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ৰোহিত আৰু কোহলীৰ উপৰি যশস্বী জয়ছোৱাল, লোকেশ ৰাহুল আৰু শুভমন গীল বেটাৰ হিচাপে দলত থকাটো নিশ্চিত। 

অলৰাউণ্ডাৰ হিচাপে স্থান নিশ্চিত নীতিশ কুমাৰ ৰেড্ডীৰ। ইফালে, আৰু দুটা স্থানৰ বাবে যুঁজ হ'ব ছগৰাকীৰ মাজত। আনহাতে, খেলুৱৈ নিৰ্বাচনত ঘৰুৱা ক্রিকেটত দাঙি ধৰা প্ৰদৰ্শনত গুৰুত্ব দিয়া হ'ব। ব'ৰ্ডৰ বিবেচনাধীন হৈ আছে ছাই সুদর্শন, শ্রেয়াষ আয়াৰ, ৰজত পাটিদাৰ, কৰুণ নায়াৰ, দেৱদত্ত পাৰিকাল আৰু ছৰফৰাজ খান। ইয়াৰ মাজতে যশপ্রীত বুমৰাহ আৰু মহম্মদ ছামী ফিট হৈ উঠাৰ বাবে বলিং বিভাগক লৈ চিন্তিত হ'বলগীয়া নহয় নির্বাচক।

উৎস- দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?