--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

শিৱসাগৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিৱসাগৰত উপস্থিত হৈ আৰম্ভ কৰিলে ভূমিপট্টা প্ৰদান কাৰ্যসূচী৷ অসমীয়াতে ইংৰাজী নৱবৰ্ষ, ভোগালী বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰে এই অনুষ্ঠান৷ ৰাজ্যৰ ১.০৬ লাখ পৰিয়াললৈ ভূমিপট্টা প্ৰদান কাৰ্যসূচীত উপস্থিত থাকি তিনিচুকীয়াৰ ব্ৰজেন মৰাণক প্ৰথমে ভূমিপট্টা প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : ভয়ংকৰ ষড়যন্ত্ৰ! কৃষকৰ আন্দোলন ৰক্তাক্ত কৰাৰ বাবে সাজু দুষ্কৃতিকাৰী


‘জয়মতীৰ ত্যাগেৰে পৱিত্ৰ হোৱা অসম ভূমি’লৈ প্ৰণাম জনাই লক্ষাধিক খিলঞ্জীয়ালৈ ভূমিপট্টা প্ৰদান কৰাটো এক ঐতিহাসিক কাম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰশংসা কৰে নৰেন্দ্ৰ মোদীয়ে৷


স্বাধীনতাৰ ৭০বছৰৰ পাছতো কিয় অসমৰ খিলঞ্জীয়া ভূমিহীন হৈ থাকিব লগা হোৱাটো দুৰ্ভাগ্যৰ কথা বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ আনহাতে তেওঁ উল্লেখ কৰে যে, বৈদ্যুতিকৰণ আঁচনিৰে অসমৰ হিতাধিকাৰী লাভান্বিত হৈছে লগতে উজলা আঁচনিৰে সকাহ পাইছে ৯ লক্ষাধিক মহিলাই৷

আৰু পঢ়িব পাৰিব : ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক

ভাষণত লগতে মোদীয়ে কয়, "অসমত প্ৰভূত পৰিমাণে বাঢ়িছে পথ নিৰ্মাণৰ কাম৷ অসমত ঔদ্যোগিক বিকাশ বিগত ৬ বছৰত ত্বৰান্বিত হৈছে৷ লগতে খনিজ তেল, গেছৰ উদ্যোগৰ বিকাশত গুৰুত্ব দিছে মোদী চৰকাৰে৷" তদুপৰি উদ্যোগৰ জৰিয়তে অসমত নিয়োগ বৃদ্ধি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীৰ৷ চৰকাৰ, চিকিৎসা কৰ্মীকো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ কৰ’নাৰ দুয়োটা পৰ্যায়ৰ টিকা ল’বলৈ আহ্বান জনাই উন্নয়নৰ জয়গান গায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?