--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী ৰক্তাক্ত কৰাৰ পৰিকল্পনা ৰচনা কৰিছে আৰক্ষীয়ে! ফাদিল হৈছে ভয়ংকৰ ষড়যন্ত্ৰ! তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ প্ৰতিবাদত প্ৰায় দুমাহে দিল্লী-হাৰিয়ানা সীমাত অৱস্থান কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে। চৰকাৰ তথা উচ্চতম ন্যায়ালয়ে পৃথকে পৃথকে প্ৰতিবাদী কৃষকসকলক সৈমান কৰিবলৈ চেষ্টা কৰিছে যদিও নিজৰ স্থিতিত অটল হৈ আছে কৃষকসকল। এনে পৰিস্থিতিত কৃষক নেতাক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

আৰু পঢ়িব পাৰিব : ধুবুৰীত গঁড়ৰ খৰ্গসহ ৪ চোৰাং ব্যৱসায়িক আটক

সিংঘু সীমাত অৱস্থান কৰি থকা কৃষকসকলে দাবী কৰা মতে এই ষড়যন্ত্ৰৰ অংশ এজন লোকক তেওঁলোকে আটক কৰিছে। লোকজনে সদৰী কৰা মতে তেওঁকে ধৰি দহজন লোকৰ এটা দলক কৃষকৰ প্ৰতিবাদৰ সময়ত হিংসা বিয়পাবলৈ প্ৰশিক্ষণ দিছে আৰক্ষীয়ে। ২৬ জানুৱাৰীৰ দিনা কৃষকসকলে উলিয়াবলগীয়া ট্ৰেক্টৰ সমদলৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰি কৃষক নেতাক হত্যা কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ কৰা প্ৰকাশ কৰিছে লোকজনে।

এজন আৰক্ষী বিষয়াই কৃষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীত হিংসা বিয়পোৱাৰ জৰিয়তে বাধাগ্ৰস্ত কৰাৰ ষড়যন্ত্ৰৰে লোককেইজনক প্ৰশিক্ষণ দিয়া বুলি আটকাধীন লোকজনে স্বীকাৰ কৰিছে। লোকজনক ইতিমধ্যে হাৰিয়ানা আৰক্ষীৰ হাতত গটাই দিয়া হৈছে। কালি সন্ধিয়া কৃষকৰ হাতত ধৰা পৰা দুষ্কৃতিকাৰীজনে স্বীকাৰ কৰিছে যে, ট্ৰেক্টৰ সমদলক আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়ত প্ৰথম ভাগৰ পৰা গুলী চলোৱাৰ ষড়যন্ত্ৰ তেওঁলোকে কৰিছিল।

আৰু পঢ়িব পাৰিব : হিমন্তক আজমলৰ মুকলি প্ৰত্যাহ্বান: ‘বাধা দিলেও অসমৰ গাঁৱে-ভূঞে হ’ব আজমলৰ কলেজ’

তাৰ পাছতে পৰিস্থিতিৰ অৱনতিৰ সুযোগ লৈ কৃষক নেতাক হত্যাৰ পৰিকল্পনা যুগুত কৰা হৈছিল। ২৬ জানুৱাৰীত নতুন দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ সমদল উলিওৱাৰ সিদ্ধান্তত অটল হৈ থকা কৃষকসকলৰ দৃঢ় স্থিতিয়ে চৰকাৰৰ অস্বস্তি এতিয়া বঢ়াই তুলিছে। দুয়োপক্ষৰ মাজত ১০ লানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কমিটীখনেও এই অচলাৱস্থাৰ অৱসান ঘটোৱাৰ চেষ্টা আৰম্ভ কৰিছে। তাৰ মাজতে এই ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্যই এক অশনি বাৰ্তা কঢ়িয়াই আনিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?