--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সুদীর্ঘ ৯ মাহৰ উৎকণ্ঠাৰ অন্তত সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম'ৰক মহাকাশৰ পৰা পৃথিৱীলৈ ওভতাই অনা বিজ্ঞানীৰ দলত আছে এগৰাকী অসম সন্তান। এইগৰাকী সুযোগ্য অসমীয়া বিজ্ঞানীৰ ঘৰ দৰং জিলাৰ হাজৰিকাপাৰাত। তেওঁৰ নাম ভৱানী শর্মা। 

উল্লেখযোগ্য যে ইলন মাক্সৰ মহাকাশ প্রতিষ্ঠান স্পেচএক্সত ভৱানী শৰ্মা এগৰাকী মাইক্র ছফট অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। একেবাৰে প্ৰচাৰবিমুখ এইগৰাকী নীৰৱ সাধকৰ বিষয়ে অসম বাদেই, দৰং জিলাতেই বৰ বেছি জনাজাত নহয়। কিন্তু আজি পুৱতি নিশা সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম'ৰ এখন ড্রেগন কেপচুলেৰে আটলান্টিক মহাসাগৰৰ বুকুত নামি অহাৰ পাছতেই সমগ্র দেশজুৰি এইগৰাকী স্বনামধন্য অসমীয়াৰ নাম চর্চালৈ আহে। বিশেষকৈ জন্মস্থান হাজৰিকাপাৰাৰ লগতে সমগ্র অসমবাসী ভৱানী শৰ্মাৰ কৃতিত্বত উৎফুল্লিত হৈ পৰে। উল্লেখযোগ্য  যে হাজৰিকাপাৰা নিৱাসী লাটমণ্ডল প্রয়াত সুৰেন্দ্ৰ নাথ শৰ্মা আৰু সোণপাহী দেৱীৰ পুত্ৰ ভৱানী শৰ্মাই হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষা দি ১৯৮৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীর্ণ হয়। ইয়াৰ পাছত গুৱাহাটীৰ আর্য বিদ্যাপীঠ কলেজত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰে। পাছত তেওঁ চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানত কম্পিউটাৰ ইঞ্জিনীয়াৰিং বিভাগত পলিটেকনিকৰ ডিপ্লমা সম্পূৰ্ণ কৰে। 

পৰৱৰ্তী সময়ত তেওঁ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিকৰ স্নাতক ডিগ্রীও গ্রহণ কৰে। ইয়াৰ পাছত তেওঁ শিক্ষা বিভাগৰ ডি পি ই পি আঁচনিত শিৱসাগৰত কিছুদিন চাকৰি কৰি ১৯৯৯ চনত আমেৰিকালৈ গুচি যায়। বর্তমান সন্তানসহ পত্নী গীতিমা শৰ্মাৰ সৈতে আমেৰিকাৰ কেলিফর্নিয়াৰ বাসিন্দা ভৱানী ভি শৰ্মাই আমেৰিকাত থাকিও শিপাৰ সৈতে সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে। তেওঁ ফ্রেণ্ডছ অব্ আছাম নামৰ এটা অনুষ্ঠানৰ সৈতেও ওতপ্রোতভাৱে জড়িত হৈ আছে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?