--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকেই স্বাস্থ্যৰ প্ৰতি সচেতন। সকলোৱে নিজৰ শৰীৰটো স্বাস্থ্যৱান আৰু সুন্দৰ কৰি ৰাখিব বিচাৰে। কিন্তু কেনেদৰে আপুনি এটা স্বাস্থ্যৱান আৰু নিৰোগী শৰীৰ লাভ কৰিব জানো আহক।

১. প্ৰথমে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। খাদ্য আৰু ছুগাৰ নিয়ন্ত্ৰণ কৰক আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰক। স্বাস্থ্যকৰ আহাৰে আপোনাৰ ওজন কম কৰাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত কৰে।

২. খাদ্যৰ সমান্তৰালকৈ ব্যায়াম কৰাটোও অত্যন্ত জৰুৰী।ব্যায়ামে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। যেনে-হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে।

৩. সুস্থ শৰীৰৰ বাবে যথেষ্ট টোপনিৰ প্ৰয়োজন। টোপনিয়ে স্মৃতি, চিন্তা-শক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিদিনে অত্যন্ত ৭ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন, নহ’লে শৰীৰ অসুস্থ হৈ পৰে।

৪. প্ৰতিদিনে প্ৰায় ৩ লিটাৰ পানী সেৱন কৰাটো আৱশ্যক। পানীয়ে আপোনাৰ শৰীৰক সঠিকভাৱে কাম কৰিবলৈ সহায় কৰে। কোষলৈ পুষ্টি কঢ়িয়াই আনে আৰু শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে।

৫. মদ্যপান-ধূম্যপানৰ পৰা দূৰত থাকক। যিকোনো ৰাগিয়াল খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখি আপোনাৰ স্বাস্থ্য উন্নত কৰাৰ উপৰি অনেক ৰোগ যেনে-হৃদৰোগ, হাওঁফাওঁৰ ৰোগ আৰু কেন্সাৰৰ পৰা নিজকে বচাই ৰাখক।

৬. আন এক গুৰুত্বপূৰ্ণ কথা হৈছে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা। নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো অতিকৈ আৱশ্যক। আকৃতি, উচ্চতা, বয়স আদি ওপৰত নিৰ্ভৰ কৰি এক সঠিক ওজন আৱশ্যক। অতিৰিক্ত ওজন ডায়াবেটিছ, হৃদৰোগ আদিৰ কাৰণো হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?