--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ সাংসদ তথা লোক সভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে অলপতে চীনত নির্মিত এখন ড্র'ন উৰুওৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। চীনত নির্মিত ডি জে আই নামৰ এই ড্ৰ'নখন ২০২২ চনত ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছিল। গান্ধীয়ে এই ড্র'নখন দেখুৱাই সামাজিক মাধ্যমত কয় যে ড্র'ন নির্মাণৰ বাবে শক্তিশালী ভেটিৰ প্ৰয়োজন, ফোঁপোলা শব্দৰ নহয়। 

গান্ধীয়ে দিয়া এই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ড্র'ন ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ সভাপতি স্মিত শ্বাহে। তেওঁ ভাৰতত নিষিদ্ধ এই ড্র'নখন গান্ধীয়ে কেনেকৈ পালে তাক লৈও প্রশ্ন কৰে। গান্ধীয়ে কয় যে ভাৰতে ড্র'ন নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা কোনো ধৰণৰ আহিলা-পাতি নিৰ্মাণ নকৰে আৰু ইয়াৰ প্ৰযুক্তি কৌশলৰ বিষয়েও বুজি নাপায়। 

গান্ধীয়ে সামাজিক মাধ্যমত কয়, 'ড্র'ন কেৱল এক প্রযুক্তিয়েই নহয়, এক শক্তিশালী ঔদ্যোগিক প্ৰণালীৰ দ্বাৰা উৎপাদিত। প্রধানমন্ত্রী মোদীয়ে ইয়াক বুজি পোৱাত ব্যর্থ হোৱাটো দুর্ভাগ্যজনক। তেওঁ এ আইৰ (কৃত্রিম বুদ্ধিমত্তা) বিষয়ে টেলিপ্রম্পটাৰ ভাষণ দি থকাৰ সময়তে আমাৰ প্ৰতিদ্বন্দ্বীয়ে এই প্রযুক্তি কৌশলত দক্ষতা অৰ্জন কৰিছে। ভাৰতৰ উৎপাদনক এক শক্তিশালী ভেটিৰ প্ৰয়োজন, ফোঁপোলা শব্দৰ নহয়।' সামাজিক মাধ্যমত প্রকাশ পোৱা এই ভিডিঅ'ক লৈ ড্র'ন ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ সভাপতি শ্বাহে তীব্র প্রতিক্রিয়া প্রকাশ কৰি গান্ধীৰ বিৰুদ্ধে ভাৰতীয় ড্র'ন উদ্যোগক অগ্রাহ্য কৰা আৰু নিষিদ্ধ ঘোষিত চীনৰ ড্ৰ'ন প্ৰদৰ্শনৰ অভিযোগ কৰে। শ্বাহে কয় যে ভাৰতে ২০২২ চনতে ডি জে আই প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত ড্র'নত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ৰাহুল গান্ধীৰ' এই পদক্ষেপ কেৱল ভুলেই নহয়, ভাৰতীয় ড্র'ন উদ্যোগৰ বিৰুদ্ধে এক অপ্রয়োজনীয় সমালোচনাও।' তেওঁ লগতে কয় যে ভাৰতত চাৰি শতাধিক কোম্পানী আছে যি বিভিন্ন ধৰণৰ ড্ৰ'ন নিৰ্মাণ কৰি আছে। ইয়াৰ উপৰি, অর্ধ শতাধিক কোম্পানীয়ে বেটাৰী, প্রপেলাৰ, ফ্লাইট কন্ট্ৰলাৰ আৰু মটৰকে ধৰি ড্ৰ'নৰ বিভিন্ন ধৰণৰ অংশ-পাতি নিৰ্মাণ কৰে। তেওঁ গান্ধীক সমালোচনা কৰি এই বুলি প্ৰশ্ন কৰে যে তেওঁ চীনৰ ডি জে আই ড্র'ন কেনেকৈ পালে? তেওঁৰ ড্ৰ'ন উৰুওৱাৰ বাবে প্ৰয়োজনীয় ৰিমট পাইলট প্রমাণ-পত্ৰ আছেনে? গান্ধীৰ বাসভৱন আৰু কাৰ্যালয় দিল্লীৰ যিটো এলেকাত আছে তাক ড্র'ন উৰাবলৈ বিশেষ নিয়মৰ প্রয়োজন হয়, গান্ধীয়ে সেইবোৰ মানি চলিছেনে বুলি তেওঁ প্রশ্ন কৰে। 

ইফালে ইনফ 'ছিছৰ প্ৰাক্তন চি এফ অ' মোহন দাস পায়ে গান্ধীক কটাক্ষ কৰি কয়, 'ভাৰতক হেয় প্রতিপন্ন কৰাৰ বাবে নিজৰ ভুৱা কাহিনী বন্ধ কৰা উচিত। তেওঁ ভাৰতীয় ড্র'ন ব্যৱহাৰ কৰিছেনে চীনত নিৰ্মিত ড্র'ন ব্যৱহাৰ কৰিছে সেই কথা পৰীক্ষা কৰি চোৱা উচিত।' ইফালে, অ'ভাৰছিজ কংগ্ৰেছৰ নেতা ছেম পিট্রদাই দিয়া এটা মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে, কংগ্ৰেছে পিট্ৰদাৰ মন্তব্যক তেওঁৰ ব্যক্তিগত আৰু ইয়াৰ সৈতে দলৰ কোনো সম্পর্ক নাই বুলি কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাত কৰা ভ্ৰমণৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চীনৰ সৈতে সমস্যা সমাধানৰ বাবে মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছিল। ভাৰতে অৱশ্যে ট্রাম্পৰ এই প্ৰস্তাৱ অগ্রাহ্য কৰে। ট্রাম্পৰ প্ৰস্তাৱৰ প্ৰসংগত পিট্ৰদাই কয়, 'মই চীনৰ পৰা অহা ভাবুকিৰ বিষয়ে বুজি পোৱা নাই। এই বিষয়টোক অতিৰঞ্জিত কৰি প্ৰকাশ কৰা হয়, কিয়নো আমেৰিকাৰ শত্ৰুৰ সংজ্ঞা দিয়াৰ প্ৰবৃত্তি আছে।' চীনৰ পৰা ভাৰতে ভাবুকিৰ সন্মুখীন হোৱা নাই বুলি উল্লেখ কৰি পিট্ৰদাই কয়, 'সকলো দেশে পৰস্পৰৰ মাজত সংঘাত পৰিহাৰ কৰি এতিয়া সহযোেগ কৰাৰহে সময় বুলি মই ভাবোঁ।' তেওঁৰ এই মন্তব্যত প্রতিক্রিয়া প্রকাশ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে কয় পিট্রদাই দিয়া মন্তব্য নিশ্চিত ৰূপত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মত নহয়। তেওঁ কয়, 'চীন আমাৰ বিদেশ নীতি, বাহ্যিক সুৰক্ষা আৰু আৰ্থনৈতিক খণ্ডত আটাইতকৈ ডাঙৰ ভাবুকি হৈয়ে আছে। চীনৰ প্ৰতি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দৃষ্টিভংগীক লৈ কংগ্রেছে সদায় প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে। ইয়াৰ ভিতৰত ২০২০ চনৰ ১৯ জুনত প্রধানমন্ত্রীয়ে চীনক ক্লীনশ্বীট দিয়াও আছে।' বিজেপিৰ নেতা সুধাংশু ত্রিবেদীয়ে পিট্ৰদাৰ মন্তব্যত আপত্তি জনাই কয় যে কংগ্ৰেছৰ নেতাজনৰ এই মন্তব্য ভাৰতৰ সাৰ্বভৌমত্ব আৰু কূটনীতিৰ পৰিপন্থী। ইয়াৰ দ্বাৰা কংগ্ৰেছ আৰু চীনৰ মাজত থকা বুজাবুজিও পোহৰলৈ আহিল বুলি তেওঁ কয়।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?