--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৃথিৱী অভিমুখে প্রতি ঘণ্টাত ৬০ হাজাৰ কিল'মিটাৰ বেগত আহি থকা এটা গ্রহাণুৱে ভাৰতৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। এই গ্রহাণুটোৱে ভাৰতত খুন্দিওৱাৰ আশংকা কৰা হৈছে। সমগ্র বিশ্বৰে বিজ্ঞানী তথা বিশেষজ্ঞসকলৰ বাবে উদ্বেগৰ সৃষ্টি কৰিছে এই গ্রহাণুটোৱে। ২০২৪ ৱাই আৰ-৪ নামৰ এই গ্রহাণুৱে পৃথিৱীক খুন্দা মাৰিলে ব্যাপক প্ৰলয়ৰ সৃষ্টি হ'ব।

বিজ্ঞানীসকলে প্রকাশ কৰা মতে, এই গ্রহাণুটোৰ পৃথিৱীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হ'লে বিশ্বৰ সৰ্ববৃহৎ মহানগৰ এখন নিমিষতে ধূলিসাৎ কৰি পেলাব। গ্রহাণুটোৰ চন্দ্ৰৰ সৈতেও সংঘৰ্ষ হ'ব পাৰে বুলি বিজ্ঞানীসকলে আশংকা প্রকাশ কৰিছে। গ্রহাণুটোৱে সৃষ্টি কৰিব পৰা প্ৰলয়ৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ কাৰণে চীনেও প্রস্তুতি চলাইছে। উদ্বেগৰ বিষয়টো হ'ল গ্রহাণুটোৱে খুন্দা মাৰিব পৰা সম্ভাব্য স্থানবোৰৰ ভিতৰত ভাৰত আৰু পাকিস্তানো আছে। বিজ্ঞানীসকলে ২০২৪ ৱাই আৰ-৪ গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ আশংকা পূৰ্বতে ১% বুলি নিৰ্ধাৰণ কৰিছিল, কিন্তু সময় বাগৰাৰ লগে লগে আশংকাৰ হাৰ বৃদ্ধি কৰা হৈছে আৰু এই বিষয়টোৱে বিজ্ঞানীসকলক অধিক চিন্তিত কৰিছে। বিজ্ঞানীসকলে শেহতীয়াকৈ কৰা অনুমান মতে গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ আশংকা ২.৫%লৈ বৃদ্ধি কৰা হৈছে। ২০২৪ ৱাই আৰ-৪এ প্রতি ঘণ্টাত ৬০ হাজাৰ কিল'মিটাৰ বেগত পৃথিৱী অভিমুখে আহি থকা বুলি প্রকাশ কৰিলেও প্ৰকৃততে ইয়াৰ গতিবেগ কিমান আৰু ই কিমান ডাঙৰ সেই বিষয়ে প্রকৃত তথ্য এতিয়াও লাভ কৰা হোৱা নাই। 

বিজ্ঞানীসকলে কৰা অনুমান মতে গ্রহাণুটোৰ ব্যাস ২০০-৩০০ মিটাৰ হ'ব পাৰে। আমেৰিকাৰ মহাকাশ গবেষণা সংস্থা নাছাৰ বিজ্ঞানীসকলে গ্রহাণুটোৱে পৃথিৱীক খুন্দা মাৰিলে ইয়াৰ প্ৰভাৱ পৰিব পৰা স্থানসমূহ চিনাক্ত কৰাৰ কামত ব্যস্ত হৈ পৰিছে। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল সংঘৰ্ষৰ সম্ভাব্য স্থানৰ পৰা জনসাধাৰণক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা। নাছাৰ বিজ্ঞানীসকলে কৰা আশংকা অনুসৰি গ্ৰহাণুটোৱে পৃথিৱীক খুন্দা মাৰিলে এখন বৃহৎ মহানগৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। গ্ৰহাণুটোৰ পৃথিৱীৰ সৈতে সংঘর্ষ হোৱাৰ যিটো সম্ভাব্য পথ চিনাক্ত কৰা হৈছে, তাৰ ভিতৰত ভাৰতৰ দৰে ঘন জনবসতিৰ কেইবাখনো দেশ আছে। বিজ্ঞানীসকলে কৰা আশংকা অনুসৰি এই গ্রহাণুটোৱে পৃথিৱীক খুন্দা মাৰিলে ৫০০ পাৰমাণৱিক বোমাৰ সমান বিস্ফোৰণৰ সৃষ্টি হ'ব। এই বিস্ফোৰণৰ প্রাবল্য প্রায় ৮ মেগাটন টি এন টি বুলি অনুমান কৰা হৈছে। ই হিৰোশ্বিমাত পেলোৱা পাৰমাণৱিক বোমাতকৈ প্রায় ৫০০ গুণ অধিক শক্তিশালী। নাছা আৰু ইউৰোপীয়ান মহাকাশ সংস্থাই ২০২৪ ৱাই আৰ-৪ক পৃথিৱীক খুন্দা মৰাৰ আশংকা থকা গ্রহাণুৰ তালিকাত প্রথম স্থানত ৰাখিছে। আনহাতে পৃথিৱীক খুন্দিওৱাৰ ১% তকৈ অধিক সম্ভাৱনা থকা ই একমাত্র গ্রহাণু। বিজ্ঞানীসকলৰ মতে এই গ্রহাণুটোৰ ব্যাস ১৯০৮ চনত ছাইবেৰিয়াৰ তুংগুস্কাত খুন্দা মৰা গ্ৰহাণুটোৰ প্রায় সমান। উল্লেখযোগ্য যে ছাইবেৰিয়াত ১৯০৮ চনত গ্রহাণুৱে খুন্দা মৰাৰ ফলত প্রায় দুহেজাৰ বৰ্গ কিল'মিটাৰ এলেকাৰ অৰণ্য ধ্বংস হৈছিল। ইয়াৰ ফলত ৮ কোটিতকৈ অধিক গছ নষ্ট হৈছিল আৰু ইয়াৰ ফলত হোৱা বিস্ফোৰণৰ প্রাবল্য আছিল ১০-১৫ মেগাটন টি এন টি। এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি এই গ্রহাণুটোৱে ২০৩২ চনৰ ২২ ডিচেম্বৰত পৃথিৱীক খুন্দিওৱাৰ আশংকা আছে। গ্রহাণুটোৱে পৃথিৱীক খুন্দা মৰাৰ আশংকা থকা দেশবোৰৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, ইথিঅ'পিয়া, ছুডান, নাইজেৰিয়া, ভেনেজুৱেলা, কলম্বিয়া আৰু ইকুৱেডৰৰ দৰে দেশো আছে। অৱশ্যে বিজ্ঞানীসকলে প্ৰস্তুত কৰা গ্ৰহাণুটোৱে খুন্দা মৰাৰ আশংকা থকা স্থানৰ মানচিত্ৰৰ এটা বৃহৎ অংশ সমুদ্ৰত পৰিছে।

নাছাৰ কেটালিনা স্কাই ছার্ভে প্রজেক্টৰ অভিযন্তা ডেভিদ ৰেংকিনে প্ৰকাশ কৰা অনুসৰি দক্ষিণ আমেৰিকাৰ পৰা প্ৰশান্ত মহাসাগৰ, দক্ষিণ এছিয়া, আৰব সাগৰ আৰু উপ-ছাহাৰা আফ্ৰিকাৰ কিছু অংশ এই গ্রহাণুটোৱে খুন্দা মৰাৰ আশংকা কৰা স্থানৰ ভিতৰত পৰিছে। এই অঞ্চলবোৰৰ ভিতৰত ভাৰতৰ চেন্নায়ো আছে। নাছা আৰু ইউৰোপীয়ান মহাকাশ সংস্থাৰ বিজ্ঞানীসকলে এই গ্রহাণুটোক অতি গুৰুত্বসহকাৰে লৈছে। ৰাষ্ট্ৰসংঘয়ো এই গ্রহাণুটোক গুৰুত্বসহকাৰে লৈছে আৰু ইয়াৰ গতি পথৰ বিষয়ে নিৰীক্ষণ কৰি আছে। চীনে গ্রহাণুৰ সংঘৰ্ষৰ পৰা পৃথিৱীক বচোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। চীনে এক বিশেষজ্ঞৰ দল গঠন কৰিছে যি মহাকাশৰ পৰা সৃষ্টি হ'ব পৰা বিপদৰ মোকাবিলা কৰাৰ কাৰণে কাম কৰিব। চীনে ক্ষুদ্ৰ গ্ৰহৰ দিশ সলনি কৰাৰ প্ৰযুক্তি কৌশল বিকাশৰ দিশত কাম কৰি আছে। ইফালে ৰেংকিনে প্ৰকাশ কৰা অনুসৰি ২০২৪ ৱাই আৰ-৪এ চন্দ্ৰকো খুন্দিয়াব পাৰে। যদি তেনে ঘটনা ঘটে তেতিয়া চন্দ্ৰৰ পৰা কিছু ধ্বংসস্তূপ পৃথিৱীত পৰিব যদিও ইয়াৰ পৰা বৰ বেছি ক্ষতি হোৱাৰ আশংকা নাই।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?