ডিজিটেল
ডেস্ক : মাত্ৰ এবিধ ফল। কিন্তু এই ফলৰ ৰস খালে হয় হাজাৰ হাজাৰ সমস্যাৰ সমাধান। কি এই
ফল? ইয়াৰ উপকাৰিতা কি কি? জানো আহক।
* আমলখি বিভিন্ন পুষ্টিকৰ গুণেৰে সমৃদ্ধ। বহুতো ধৰণৰ ভিটামিনৰ উপৰি বহুতো খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট পোৱা যায় আমলখিত। যি শৰীৰৰ বাবে অতি উপকাৰী।
*
আমলখিৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমলখিৰ ৰস খালে কেইসপ্তাহমানৰ ভিতৰতে পাৰ্থক্য
পোৱা যায়।
*
আমলখিৰ ৰস ছালৰ বাবে অতি উপকাৰী। যিসকলে নিয়মিতভাৱে এই ফলৰ ৰস খায়, ছালৰ সমস্যা দূৰ
কৰি ছাল উজ্জ্বল কৰে।
*
আনকি ছালত থকা ক’লা দাগো দূৰ কৰি ছাল সুন্দৰ
পৰিষ্কাৰ কৰি তোলে।
*
নিয়মিতভাৱে আমলখিৰ ৰস খালে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হয়। আৰু যিসকলে দৈনিক আমালখিৰ
ৰস খায়, তেওঁলোকৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায়।
*
এই ৰসত প্ৰচুৰ পৰিমাণে আইৰন থাকে। ফলত তেজত হিমোগ্ল’বিনৰ পৰিমাণ বৃদ্ধি কৰে। ৰক্তহীনতাত
ভুগি থকাসকলৰ বাবে বিশেষকৈ মহিলাৰ বাবে এই ফলৰ ৰস অতি উপকাৰী।
*
নিয়মিতভাৱে আমলখিৰ ৰস সেৱন কৰিলে চুলিৰ গুৰি মজবুত হোৱাৰ লগতে ক’লা আৰু ঘন কৰে। পুৱা
নিয়মিতভাৱে এই ফলৰ ৰস এগিলাচকৈ খালে চুলি সৰা সমস্যা বহু পৰিমাণে কমি যায়।
*
এই ফলৰ ৰস চকুৰ বাবে অতি উপকাৰী। চকুৰ দৃষ্টিশক্তি কম থকা লোকসকলে এই ৰস নিয়মিতভাৱে
খালে উপকৃত পাব। তদুপৰি শিশুক এই ফলৰ ৰস খোৱালে চকুৰ সমস্যা বহু পৰিমাণে কমি যাব।
*
ওজন হ্ৰাস কৰাটো আমালখিৰ আছে যথেষ্ট অৰিহণা। নিয়মিতভাৱে এই ফলৰ ৰস এগিলাচকৈ খালে এমাহত
আপোনাৰ ওজন হ্ৰাস কৰিব।