--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিব্ৰুগড় : ৰাজ্যত নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চপাৰ লগে লগে ৰাজ্যলৈ বিভিন্নজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ আগমন ঘন হৈছে। কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি চাবুৱাত উপস্থিত হয় কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধী৷ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ৰাহুলে কয় ‘মই নৰেন্দ্ৰ মোদীৰ দৰে ফাঁকিবাজ নহয়, যি কৈছোঁ, কথা দিছোঁ, সেয়া কৰি দেখুৱাম৷’ 'কা'ৰ প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম’ বুলিও ভাষণত ৰাহুলে মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচনী প্ৰচাৰত অভিনেতা যতীন বৰা!মহাজোঁটক সমালোচনা

চাবুৱাত ৰাহুল গান্ধীয়ে জনসভাৰ মাজতেই সভাত উপস্থিত থকা বাগানৰ একাংশ শ্ৰমিকৰ সৈতেও কথা পাতে৷ সভাৰ মাজতে শ্ৰমিকে ৰাহুল গান্ধীক উদ্দেশ্যি কয়, ‘যদি অসমত কংগ্ৰেছৰ চৰকাৰ হয়, তেনেহ’লে কিমান সময়ৰ ভিতৰত আপুনি শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকা কৰিব?’ শ্ৰমিকৰ প্ৰশ্নৰ উত্তৰ ৰাহুলে কয়, ‘অসমত কংগ্রেছ মহাজোঁটৰ চৰকাৰ হ’লে ৬ ঘণ্টাৰ ভিতৰত মজুৰি বৃদ্ধি কৰা হ’ব।’

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

জনসভাত অংশ লোৱাৰ পাছতে ৰাহুল গান্ধীয়ে শ্ৰমিকৰ জীৱন যাত্ৰাৰ বুজ ল'বলৈ চাবুৱা বাগিচালৈ যাত্ৰা কৰে৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাহুল গান্ধীয়ে শিক্ষাৰ্থীৰ সৈতেও মত বিনিময় কৰিব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?